অসম

assam

ETV Bharat / state

অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ - অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ

অফলাইন পদ্ধতিত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ প্ৰতিবাদ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ । কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাসমূহ অনলাইন পদ্ধতিত অনুষ্ঠিত কৰাৰ দাবী শিক্ষাৰ্থীসকলৰ । মঙলবাৰে এই বিষয়ত ছাত্ৰ একতা সভা আৰু বিশ্ববিদ্যালয় প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক ।

অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ
অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ

By

Published : Apr 20, 2021, 9:06 PM IST

মৰাণ,২০ এপ্ৰিল:সমগ্ৰ ৰাজ্যতে এতিয়া কৰ'ণাৰ সংক্ৰমণ আৰম্ভ হৈছে । চৰকাৰ তথা প্ৰশাসনে মহামাৰীৰ সংক্ৰমণ ৰোধৰ চেষ্টাও অব্যাহত ৰাখিছে । বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ লগতে বিশেষকৈ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ কথা চিন্তা কৰি ইতিমধ্যে অধিক আক্ৰান্ত জিলাসমূহত প্ৰাথমিক বিদ্যালয় বন্ধৰো ঘোষণা কৰিছে চৰকাৰে । কিন্তু কৰ'ণা সংক্ৰমণৰ বাবে অধিক শংকিত হৈ পৰিছে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল ।

ইযাৰ মাজতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ যো-জা চলাইছে । মহামাৰীৰ ভয়াৱহ সংক্ৰমণৰ সময়ত এনেদৰে অফলাইন পৰীক্ষা অনুষ্ঠিত কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি শিক্ষাৰ্থীসকলে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইয়াৰ পিছতে পৰীক্ষা সন্দৰ্ভত আলোচনাৰ বাবে মঙলবাৰে শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এক বৈঠকত মিলিত হয় । স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা, বিভিন্ন কেন্দ্ৰ, কেইবাটাও বিভাগৰ প্ৰতিনিধি আৰু বিশ্ববিদ্যালয় প্ৰশাসনৰ মাজত এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হয় ।

অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ

বৈঠকত প্ৰশাসনে অফলাইন পদ্ধতিত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা সিদ্ধান্তক ছাত্র একতা সভাৰ লগতে সকলো ছাত্র-ছাত্রীয়ে বিৰোধিতা কৰে । উক্ত সভাত ছাত্র একতা সভাই স্নাতক আৰু স্নাতকোত্তৰ দুয়োটা মহলাৰ হ'বলগীয়া চূড়ান্ত পৰীক্ষাসমূহ অনলাইন পদ্ধতিৰে অনুষ্ঠিত কৰাৰ পোষকতা কৰি বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ ওচৰত দাবী জনায় । বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈ ঘোষণা কৰা নাই যদিও শিক্ষাৰ্থীসকল আশাবাদী যে ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাসমূহ কৰ্তৃপক্ষই অনলাইন পদ্ধতিৰে অনুষ্ঠিত কৰিব ।

লগতে পঢ়ক:কলহী নৈত সন্ধানহীন যুৱক

For All Latest Updates

ABOUT THE AUTHOR

...view details