ডিব্ৰুগড়, 23 ফেব্ৰুৱাৰীঃডিব্ৰুগড়ত বিজেপিৰ সংকল্প সমাৰোহলৈ অহা লোক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ ৰোষত পৰাৰ আশংকাত পুৱাই বিশ্ববিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰ জ্যোতি বাটচ'ৰাৰ কাষৰ পথত, মোতায়েন কৰিলে ৰেপিড একচন ফৰ্চ ৷ শিক্ষাৰ্থীক একপ্ৰকাৰে পণবন্দী কৰাৰ দৰে পৰিবেশ গঢ়ি তোলা হ'ল বিশ্ববিদ্যালয়খনৰ সন্মূখত ৷ ইমানৰ পিচতো বিশ্ববিদ্যালয়খনৰ আছু গোটৰ নেতৃত্বত প্ৰৱেশদ্বাৰৰ সন্মূখত শিক্ষাৰ্থীসকল ওলাই আহি বিজেপিৰ পতাকা উৰুৱাই সমাৰোহলৈ যোৱা সকলক প্ৰত্যুত্তৰ দি, ক'লা পতাকা প্ৰদৰ্শন কৰি উভতি যাবলৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি - ডিব্ৰুগড় সদৰ থানা
বিজেপিৰ সংকল্প সমাৰোহলৈ অহা লোকসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ ৰোষত পৰাৰ আশংকাত বিশ্ববিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰত মোতায়েন কৰিলে ৰেপিড একচন ফৰ্চ ৷ ইমানৰ পিচতো শিক্ষাৰ্থী সকল ওলাই আহি ক'লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰেপিড একচন ফৰ্চে বলপূৰ্বকভাৱে শিক্ষাৰ্থীক আক্ৰমণ কৰাৰ অভিযোগত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷
![ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি উত্তপ্ত পৰিস্থিতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6177827-thumbnail-3x2-kk.jpg)
উত্তপ্ত পৰিস্থিতি
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি
তাৰ পৰিপ্ৰেক্ষিতত ৰেপিড একচন ফৰ্চে বলপূৰ্বকভাৱে শিক্ষাৰ্থীক আক্ৰমণ কৰাৰ অভিযোগত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ অভিযোগ অনুসৰি, ছাত্ৰক গুলীয়াই দিম বুলি মন্তব্য কৰাক লৈ অধিক ক্ষুব্ধ হৈ পৰে প্ৰতিবাদকাৰীসকল ৷ লগতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, ৰাজীৱ শইকীয়াৰ লগতে সহকাৰী আৰক্ষী অধীক্ষকৰ সৈতেও তীব্ৰ বাক বিতণ্ডাত লিপ্ত হৈ পৰে উত্তেজিত ছাত্ৰ সকল ৷
লগতে পঢ়কঃশামুকীয়া গতিৰে মাজুলীবাসীক সুৰক্ষা দিব পাৰিবনে ব্ৰহ্মপুত্ৰ বোৰ্ডে ?