মৰাণ,31 মাৰ্চ: ৮ এপ্ৰিলত অনুষ্ঠিত হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন ৷ বহু বাদ-বিবাদ, তৰ্ক-বিতৰ্কৰ অৱসান ঘটাই উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ বাবে ৩৪ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰে মনোনয়ন ৷ বিশ্ববিদ্যালয়খনৰ সভাপতি হিচাপে ধৃতিষা গগৈ, উপ-সভাপতি বিশাল শৰ্মা, সাধাৰণ সম্পাদক লব্ধপ্ৰতিম দাস, সাংস্কৃতিক সম্পাদিকা অভিলাষা বৰুৱা, সহকাৰী সম্পাদক পাৰ্থজ্যোতি গগৈকে ধৰি ৩৪ গৰাকীয়ে ছাত্ৰ-ছাত্ৰীয়ে মনোনয়ন দাখিল কৰা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৩ বাৰকৈ নিৰ্বাচনৰ দিন ঘোষণা কৰিও অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন ৷ অৱশেষত চতুৰ্থবাৰৰ বাবে ঘোষিত জাননীত ৮ এপ্ৰিলত বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ চূড়ান্ত দিন ধাৰ্য কৰা হৈছে ৷ বহু বাদ-বিসম্বাদ, ছাত্ৰ আন্দোলন আদিৰ বাবে বিশ্ববিদ্যালয়খনৰ সাধাৰণ নিৰ্বাচন নিৰ্ধাৰিত দিনত অনুষ্ঠিত হোৱা নাছিল ৷ ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ নিৰ্বাচন অনুষ্ঠিত নহৈ এইবাৰ ২০২০-২০২১ বৰ্ষৰ বাবে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷