অসম

assam

ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰা যুৱকক গ্ৰেপ্তাৰ - পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰি ভুৱা জাননী উলিওৱা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ বিশ্ববিদ্যালয় খনৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰি পৰীক্ষা বাতিলৰ নিৰ্দেশনা উলিওৱাৰ ভয়ংকৰ অপৰাধত অভিযুক্ত হৈ গ্ৰেপ্তাৰ হ’ল লক্ষ্য বিকাশ গগৈ নামৰ যুৱকজন ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰা যুৱকক গ্ৰেপ্তাৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰা যুৱকক গ্ৰেপ্তাৰ

By

Published : Apr 24, 2021, 10:48 PM IST

ডিব্ৰুগড়,24এপ্ৰিল :শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰি ভুৱা জাননী উলিওৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ'ল এজন যুৱক । পৰীক্ষা বাতিলৰ নিৰ্দেশনা উলিওৱাৰ ভয়ংকৰ অপৰাধত লক্ষ্য বিকাশ গগৈ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । যুৱক জনৰ ঘৰ তিনিচুকীয়াত বুলি জানিব পৰা গৈছে ।

যুৱকজনে যোৱা ৬ এপ্ৰিল আৰু ২০ এপ্ৰিলত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৰু বিশ্ববিদ্যালয় অধীনৰ মহাবিদ্যালয় সমুহৰ পৰীক্ষা বাতিল কৰা হ’ল বুলি পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰি এক ভুৱা নিৰ্দেশনা উলিয়াইছিল । যাৰ বাবে বিশ্ববিদ্যালয়ৰ লগতে প্ৰায় দুই শতাধিক মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বিপাঙত পৰিছিল ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ চহী জালিয়াতি কৰা যুৱকক গ্ৰেপ্তাৰ

এই লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় কতৃপক্ষই যোৱা ২০ এপ্ৰিলতে ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীক এক গোচৰ ৰুজু কৰিছিল । ডিব্ৰুগড় আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধী আইনৰ ১২০বি/৪১৯/৪৬৮/৪৭১/১৯৮ ধাৰাৰ অধীনত ৮৪৬/২১ গোচৰৰ ভিত্তিত তিনিচুকীয়া জিলাৰ পানীতোলা লাইপুলি কদমনি গাঁৱৰ লক্ষ্য বিকাশ গগৈক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে যুৱকজনৰ পৰা জব্দ কৰে এটা ম'বাইল ফোন ।

উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয় কতৃপক্ষই শেহতীয়াকৈ ক'ভিডৰ ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি ২৩ এপ্ৰিলতহে বিশ্ববিদ্যালয়ৰ অধীনৰ পৰীক্ষা সমুহ বাতিল কৰিছিল ।

অন্য এক খবৰৰ বাবে: পৰিস্থিতি সাপেক্ষে ৰাজ্যত লকডাউন হ'ব পাৰে:সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details