অসম

assam

ETV Bharat / state

শিক্ষাৰ্থী ক’ভিড আক্ৰান্ত হোৱাৰ পিছত পৰীক্ষা বাতিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ - সাধাৰণ সম্পাদক

ছাত্র ছাত্ৰীৰ দেহত ক'ভিডৰ অৱস্থিতি পোৱাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনে অনিদিৰ্ষ্ট কাললৈ বাতিল কৰিছে বিশ্ববিদ্যালয়খনৰ অধ্যয়ন কেন্দ্ৰ আৰু বিভাগৰ সমূহৰ পৰীক্ষা । উল্লেখযোগ্য় যে, বিশ্ববিদ্যালয়খনৰ কেইবাখনো ছাত্ৰী নিৱাসক প্ৰশাসনৰ দ্বাৰা ইতিমধ্য়ে ঘোষণা কৰা হৈছে কণ্টেইনমেন্ট জ'ন ।

dibrugarh university cancels exam
শিক্ষাৰ্থী ক’ভিড আক্ৰান্ত হোৱাৰ পিছত পৰীক্ষা বাতিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ

By

Published : Apr 23, 2021, 10:13 PM IST

ডিব্ৰুগড়, 23 এপ্ৰিল : ১৬ জনকৈ ছাত্র ছাত্ৰীৰ দেহত ক'ভিডৰ অৱস্থিতি পোৱাৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সৃষ্টি হৈছে আতংকৰ । উল্লেখযোগ্য় যে, বিশ্ববিদ্যালয়খনৰ তিনিটাকৈ ছাত্ৰী নিৱাসক ইতিমধ্যে কণ্টেইনমেন্ট জ'ন ঘোষণা কৰা হৈছে । বিশ্ববিদ্যালয়খনৰ নলিনীৱালা দেৱী ছাত্ৰী নিৱাস, পুস্পলতা দাস ছাত্ৰী নিৱাস আৰু স্বৰ্ণলতা বৰুৱা ছাত্ৰী নিৱাসক প্ৰশাসনৰ দ্বাৰা কণ্টেইনমেন্ট জ'ন ঘোষণা কৰা হৈছে । ইফালে, অনিদিৰ্ষ্ট কাললৈ বাতিল কৰা হ'ল বিশ্ববিদ্যালয়খনৰ সমূহ অধ্যয়ন কেন্দ্ৰ আৰু বিভাগৰ পৰীক্ষা।

শিক্ষাৰ্থী ক’ভিড আক্ৰান্ত হোৱাৰ পিছত পৰীক্ষা বাতিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ

আনহাতে, শুকুৰবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হিমালয় বাৰিকে বিশ্ববিদ্যালয়ৰ সমগ্ৰ পৰিয়াল বৰ্গক সাৱধানতা তথা সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ জনায় ৷

উল্লেখ যোগ্য় যে, স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাই শেহতীয়াকৈ বিশ্ববিদ্যালয়ত ক’ভিড পৰীক্ষাৰ বাবে জিলা প্ৰশাসনক অনুৰোধ জনাইছিল । ইয়াৰ পিছতেই কেইবা গৰাকীও শিক্ষাৰ্থীৰ দেহত পোৱা গৈছিল ক'ভিডৰ অৱস্থিতি ৷ ইফালে, এই পৰিস্থিতিৰ পিছত শুকুৰবাৰে সন্ধিয়া পৰ্যন্ত বহু শিক্ষাৰ্থীয়ে হোষ্টেল খালী কৰি নিজ গৃহ অভিমুখে ৰাওনা হোৱা দেখা যায় ।

লগতে পঢ়ক :অনিশ্চয়তাৰ মাজত ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ পৰিয়ালবৰ্গ

ABOUT THE AUTHOR

...view details