ডিব্ৰুগড়, 24 আগষ্ট: মাচুল বৃদ্ধি প্ৰসংগক লৈ মঙলবাৰৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই আৰম্ভ কৰা আন্দোলনৰ পাছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সংবাদমেল (DU press meet on fee hike)। সংবাদমেলত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জীতেন হাজৰিকাই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ৯ খন বিশ্ববিদ্যালয়ৰ ভিতৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়তে সকলোতকৈ নামভৰ্তি মাছুল কম ।
বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এই বিষয়সমূহ ভালদৰে বিশ্লেষণ নকৰা বাবেই এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে বুলি মত প্ৰকাশ কৰে উপাচাৰ্য ড৹ জীতেন হাজৰিকাই (Dibrugarh University Vice chancellor) । শিক্ষাৰ্থীসকলক প্ৰকৃত আৰু উন্নতমানৰ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত যাৱতীয় সুবিধা প্ৰদান কৰিবৰ বাবেহে এই মাছুল বৃদ্ধি কৰা হৈছে বুলি উপাচাৰ্যগৰাকীয়ে মতপ্ৰকাশ কৰে ।