ডিব্ৰুগড়,25ছেপ্টেম্বৰঃ পুনৰ ডিব্ৰুগড়ত ভয়ংকৰ ঘটনা । ডিব্ৰুগড়ৰ লাহোৱাল থানা অন্তৰ্গত বচাপথাৰত এগৰাকী যুৱতীক গাড়ীৰ ভিতৰতে ধৰ্ষণৰ অপচেষ্টা ৰূপজ্যোতি হাতীবৰুৱা নামৰ যুৱকৰ ৷
ডিব্ৰুগড়ত যুৱতীক গাড়ীৰ ভিতৰতে ধৰ্ষণৰ অপচেষ্টা - মুখ্যমন্ত্ৰী গৃহ জিলা
মুখ্যমন্ত্ৰী গৃহ জিলাত পুনৰ নিৰাপত্তাহীনতাত নাৰী ৷ ডিব্ৰুগড়ৰ লাহোৱাল থানা অন্তৰ্গত বচাপথাৰত এগৰাকী যুৱতীক গাড়ীৰ ভিতৰতে ধৰ্ষণৰ চেষ্টা। ঘটনাৰ লগত জড়িতৰ অভিযোগত ৰূপজ্যোতি হাতীবৰুৱা নামৰ এই যুৱকক গ্ৰেপ্তাৰ ঘোঁৰামৰা আৰক্ষীৰ।
ঘটনা অনুসৰি ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা বছাপথাৰলৈ উক্ত যুৱকজনৰ সৈতে মেজিকত গৈছিল যুৱতী গৰাকী । কিন্তু কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি নিৰ্জন পথত যুৱতী গৰাকীক AS06BC 5039 নম্বৰৰ মেজিকখনৰ ভিতৰতে ধৰ্ষণৰ অপচেষ্টা কৰে যুৱকজনে । অৱশেষত যুৱতী গৰাকীয়ে কৌশলেৰে পলায়ন কৰে । পাচত যুৱতীগৰাকীৰ গোচৰৰ ভিত্তিত লাহোৱাল থানাত ভাৰতীয় দণ্ড বিধি আইনৰ u/s 354/354(A)/509 ipc ধাৰাৰ অধীনত ২০৯/১৯ নং গোচৰ পঞ্জীয়ন কৰি তৎপৰতাৰে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ লগতে এই ঘটনাত জড়িত টাটা মেজিক খনো জব্দ কৰে আৰক্ষীয়ে ।