ডিব্ৰুগড়, ২৭ ছেপ্টেম্বৰ:অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৰাজ্যৰ বাণিজ্য ক্ষেত্ৰ বৃদ্ধি কৰি থলুৱা উদ্যোগক আগুৱাই নিয়াৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে । ৰাজ্যৰ থলুৱা উদ্যোগীসকলক এখন উপযুক্ত বজাৰ দিয়াৰ উদ্দেশ্যে চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ডিব্ৰুগড়ৰ চৌকিডিঙীত ১১ দিনীয়া বাণিজ্য মেলা অনুষ্ঠিত কৰিছে । ডিব্ৰুগড়ৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰেক্ষাগৃহত সংবাদমেল অনুষ্ঠিত এই কথা সদৰী কৰে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বড়াৰ লগতে বিভাগৰ বিষয়াসকলে ।
২৮ ছেপ্টেম্বৰৰ পৰা ৮ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগা এই বাণিজ্য মেলাত দেশ-বিদেশৰ মুঠ ১৪১ খন বাণিজ্য বিপণীয়ে অংশ ল'ব । ইয়াৰে ৰাজ্যখনৰ ১০০ খন, ৰাজ্যৰ বাহিৰ অৰ্থাৎ দেশৰ বিভিন্ন ৰাজ্যৰ ৪০ আৰু আফগানিস্তানৰ এখন বাণিজ্য বিপণীয়ে এই বাণিজ্য মেলাত অংশ ল'ব বুলিও জানিবলৈ দিছে উদ্যোগ মন্ত্ৰীগৰাকীৰ লগতে বিভাগৰ বিষয়াসকলে । এই বাণিজ্য মেলাত বাণিজ্যতাৰ মাজতেই ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে কাৰ্যসূচী লোৱা বুলি জানিবলৈ দিছে মন্ত্ৰী বিমল বড়াই ।