মৰাণ, 7 জুলাই :অইল ইণ্ডিয়া লিমিটেডৰ (Oil India Ltd) কনিষ্ঠ সহায়ক পদৰ বিজ্ঞাপন সন্দৰ্ভত আলফা (স্বা)ই কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলাৰ দল-সংগঠনসমূহে । দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপাংকৰ গগৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেঙাখাট আঞ্চলিক সমিতিৰ সম্পাদক পাৰ্থপ্ৰতিম কোঁৱৰে প্ৰত্যাহ্বান জনায় আলফাৰ বিবৃতিক ৷ তেওঁলোকে কয় যে, অইল ইণ্ডিয়া লিমিটেডত খনন হোৱা অঞ্চলসমূহৰ স্থানীয় ৰাইজে বহু ত্যাগ কৰিবলগীয়া হয় । বহু লোকে ঘৰ-বাৰী, কৃষি-ভূমি হেৰুৱাবলগীয়া হৈছে । অপাৰেশ্যন (Operation) এলেকাৰ বিকট শব্দৰ ফলত নিগৰিত হোৱা বিভিন্ন ৰাসায়নিক দ্ৰব্যই অশান্তিকৰ আৰু অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰে ৷
সেয়েহে The Oil Industry Act, 1974ত মাটি আৰু পৰিৱেশ বিনষ্টৰ এক দক্ষগত গ্ৰেড 1 ৰ পৰা 7লৈকে অইল ইণ্ডিয়া লিমিটেডে মাথো খনন আৰু উৎপাদন হোৱা অঞ্চলসমূহৰ শিক্ষিত নিৱনুৱাসকলক এৰি দিবৰ বাবে স্পষ্টকৈ উল্লেখ কৰা আছে ৷ যদিহে অইলে বিচৰামতে সেই পদসমূহ যোগ্যতাভিত্তিক অনুসৰি পূৰ্ণ নহয়, তেতিয়া ৰাজ্যত অন্যান্য জিলাভিত্তিক আবেদন কৰিবলৈ অনুমতি প্ৰদান কৰা হৈছে । গ্ৰেড 7 লৈকে যিমানবোৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হয়, সেইবোৰ অইল অধ্যুষিত এলেকাৰ বাবে সংৰক্ষিত কৰা আছে ।
কিন্তু গেড 7 ৰ ওপৰৰ যিমানবোৰ পদ মুকলি হয়, তাত অসমৰ সকলো জিলাৰ প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে । ইয়াৰ লগতে যিকেইখন জিলাৰ মাজেৰে অইলৰ পাইপলাইন প্ৰৱাহ হৈছে, সেইসমূহ জিলাৰ বাবে বিশেষভাৱে নিযুক্তিৰ ব্যৱস্থাত অৱহেলা গ্ৰহণ কৰি আহিছে । সেয়েহে আলফাই জনোৱা দাবী কোনোপধ্যে বাস্তৱসন্মত হ’ব নোৱাৰে বুলি ছাত্ৰ সংগঠনৰ নেতৃত্বই উল্লেখ কৰে ৷