ডিব্ৰুগড়, 2 জুন :দৰিদ্ৰ জনগণৰ বাবে বহু উল্লেখনীয় আঁচনি ৰূপায়ণ কৰিছে বিজেপি চৰকাৰে । প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত বিনামূলীয়াকৈ ৮০ কোটি লোকক বিতৰণ কৰি অহা হৈছে খাদ্য সামগ্ৰী । বৃহস্পতিবাৰে নৰেন্দ্ৰ মোডীৰ আঠ বছৰীয়া কাৰ্যকাল উপলক্ষে ডিব্ৰুগড় জিলা বিজেপিয়ে এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ ৮ বছৰীয়া কাৰ্যকালৰ (Eight Years Of Modi Govt)এনেদৰে খতিয়ান দাঙি ধৰিলে ডিব্ৰুগড় জিলা বিজেপিয়ে(Dibrugarh state BJP Pressmeet) ৷ উক্ত সংবাদমেল সম্বোধন কৰে জিলা সভাপতি জগদীশ ৰাজকোঁৱৰ, সাধাৰণ সম্পাদকদ্বয় প্ৰশান্ত গগৈ আৰু ব্ৰজেন গগৈয়ে ।
ইফালে, সংবাদমেলযোগে জিলা সভাপতি জগদীশ ৰাজকোঁৱৰে কয় যে, আয়ুস্মান ভাৰত অভিযানৰ অধীনত নৰেন্দ্ৰ মোডী চৰকাৰে ৩.২ কোটি নাগৰিকক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰিছে ৷ ১৮ কোটিতকৈও অধিক লোকক আয়ুস্মান কাৰ্ড প্ৰদান কৰাৰ লগতে বিশ্বৰ সৰ্ববৃহৎ ক'ভিড টিকাকৰণ অভিযান কেৱল ভাৰততেই ১৯০ কোটিতকৈও অধিক টিকা বিনামূলীয়াকৈ প্ৰদান কৰিছে মোডী চৰকাৰে ।
সেইদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১.২২ কোটি চহৰাঞ্চলৰ আৰু ২.৩ কোটি গ্ৰাম্যঞ্চলৰ লোকৰ গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । স্বচ্ছ ভাৰত অভিযানৰ অধীনত ১১.২২ কোটি শৌচালয় নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা বুলি উল্লেখ কৰি 'হৰ ঘৰ নল চে জল' যোজনাৰ অধীনত ৬.২ কোটি নতুন আৱাসগৃহলৈ যোৱা তিনিবছৰত পাইপেৰে বিশুদ্ধ খোৱাপানী যোগান ধৰা বুলি সংবাদমেলত কৰিলে উল্লেখ । সেইদৰে প্ৰধানমন্ত্ৰীৰ স্ব-নিধি যোজনাৰ অধীনত ২৯.৬ লাখ পদপথৰ ব্যৱসায়ীক ঋণ বিতৰণ কৰা হৈছে বুলি উল্লেখ কৰিলে জিলা সভাপতিগৰাকীয়ে ৷