ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকক তৎক্ষনিকভাৱে সলনিৰ সিদ্ধান্ত - অপৰাধ জনিত ঘটনা বৃদ্ধি
আৰক্ষী অধীক্ষক সুভাষিনী শংকৰণক 10APBN লৈ বদলি কৰি ডিব্ৰুগড় নতুন আৰক্ষী অধীক্ষক হিচাপে গৌতম বৰাক নিযুক্তি দিয়ে ৷
ডিব্ৰুগড়, 14 চেপ্তেম্বৰঃ তাৎক্ষণিকভাবে বদলি কৰা হ'ল ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকক । আৰক্ষী অধীক্ষক সুভাষিনী শংকৰণক 10APBN লৈ বদলি কৰি জিলাখনত নতুন আৰক্ষী অধীক্ষক হিচাপে গৌতম বৰাক নিযুক্তি দিয়ে ৷ সুভাষিনী শংকৰণৰ ওপৰত উত্থাপিত হোৱা অভিযোগ অনুসৰি শেহতীয়াকৈ ডিব্ৰুগড়ত উদ্ভৱ হোৱা পৰিস্থিতি নিয়ন্ত্ৰণত চূড়ান্তভাৱে বিফল হোৱাৰ লগতে, আৰক্ষী অধীক্ষক গৰাকীৰ ওপৰত মইমতালিৰে কাম কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ ডিব্ৰুগড়ত ক্ৰমান্বয়ে অপৰাধ জনিত ঘটনা বৃদ্ধি পোৱাৰ লগতে নাৰী নিৰাপত্তাহীনতাৰ কেইবাটাও ৰাজ্য কঁপোৱা ঘটনা সংঘটিত হোৱা ক্ষেত্ৰটো সাঙুৰ খাইছে আৰক্ষী অধীক্ষক গৰাকীৰ নাম ।