অসম

assam

ETV Bharat / state

Hiren Konch kidnapped by NSCN KY: হীৰেন কোঁচৰ ঘৰত উপস্থিত ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক - nscn extremist group

NSCN (KY) উগ্ৰপন্থী সংগঠনৰ হাতৰ পৰা মুকলি হৈ অহা টিংখাঙৰ হীৰেন কোঁচৰ ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ ল’লে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰাই ৷ ভূক্তভোগী হীৰেন কোঁচক কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত সহায় কৰাৰ আশ্বাস প্ৰদান কৰে জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে (Dibrugarh SP met Hiren Konch) ৷

hiren konch
হীৰেন কোঁচৰ ঘৰত উপস্থিত ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক

By

Published : Feb 15, 2022, 1:16 PM IST

ডিব্ৰুগড়, 15 ফ্ৰেব্ৰুৱাৰী: ম্যানমাৰৰ দুৰ্গম অৰণ্য নেওচি NSCN (KY) উগ্ৰপন্থী সংগঠনৰ হাতৰ পৰা নিৰাপদে ঘুৰি আহিবলৈ সক্ষম হোৱা টিংখাঙৰ ২ নং কেছেৰুগুৰী গাঁৱৰ হীৰেন কোঁচৰ বাসগৃহত উপস্থিত হয় ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰা (Dibrugarh SP met Hiren Konch) ।

হীৰেন কোঁচৰ ঘৰত উপস্থিত ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক

দেওবাৰে নিশা নিজ বাসগৃহত সোঁশৰীৰে উপস্থিত হোৱা হীৰেন কোঁচৰ পৰা ঘটনা সন্দৰ্ভত বুজ ল'বলৈ সোমবাৰে জিলা আৰক্ষী অধীক্ষক গৰাকী হীৰেন কোঁচৰ বাসগৃহত উপস্থিত হয় । হীৰেন কোঁচৰ সৈতে আৰক্ষী অধীক্ষক মিশ্ৰাই সকলো কথা পোনপটীয়াকৈ আলোচনা কৰে (NSCN kidnapped Hiren Konch)। তেওঁ ঘটনা সংঘটিত হোৱা দিনাৰ পৰাই লংডিং আৰক্ষীৰ লগত যোগাযোগ কৰি থকা বুলি সদৰী কৰে ৷

ঘটনাত নগা উগ্ৰপন্থী সংগঠনে হীৰেন কোঁচে কৰ্মৰত কোম্পানীটোৰ পৰা ধন দাবী কৰিবলৈকে NSCN (KY) জড়িত থকা বুলি দাবী কৰে । বৰ্তমান হীৰেন কোঁচক শংকিত নহ'বলৈ কোৱাৰ লগতে তেওঁ যদি নিজৰ থকা ঠাইতে কাম কৰিবলৈ বিচাৰে তেতিয়া হ'লে আৰক্ষী প্ৰশাসনৰ ফালৰ সহায় কৰিব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক :Maradonas stolen watch case : জামিনত মুকলি অভিযুক্ত ৱাজিদ হুছেইন

ABOUT THE AUTHOR

...view details