অসম

assam

ETV Bharat / state

লক ডাউন 2.0 : ডিব্ৰুগড় আৰক্ষীৰ তৎপৰতা - মাস্ক পৰিধান

লক ডাউন 2.0ক লৈ কেন্দ্ৰই জাৰি কৰা নতুন নীতি-নিৰ্দেশনাক লৈ শনিবাৰে নিশা ডিব্ৰুগড়ত আৰক্ষী বিষয়াসকলে এখন সজাগতা সভা অনুষ্ঠিত কৰে । আৰক্ষী অধীক্ষক শ্ৰীজিৎ ট্ৰীৰ উপস্থিতিত আৰক্ষীসকলক কেন্দ্ৰৰ নতুন নিৰ্দেশনাৱলী সম্পৰ্কে জানিবলৈ দিয়ে ৷

ডিব্ৰুগড় আৰক্ষীৰ তৎপৰতা
ডিব্ৰুগড় আৰক্ষীৰ তৎপৰতা

By

Published : Apr 19, 2020, 3:14 PM IST

ডিব্ৰুগড়, 19 এপ্ৰিল : লক ডাউনৰ নতুন নীতি-নিৰ্দেশাৱলী সন্দৰ্ভত তৎপৰ হৈ পৰিছে ডিব্ৰুগড় আৰক্ষী । লক ডাউন 2.0ক লৈ অধিক কঠোৰ হ’ব ডিব্ৰুগড় আৰক্ষী। আনহাতে কৰ’ণা সংক্ৰমণৰ ক্ষেত্ৰত আন কেইবাখনো জিলাৰ লগতে ডিব্ৰুগড় জিলাকো গ্ৰীণ জ'নত বিভক্ত কৰা হৈছে ৷

ডিব্ৰুগড় আৰক্ষীৰ তৎপৰতা

ইপিনে কেন্দ্ৰৰ পৰা নিৰ্দ্ধাৰণ কৰা হৈছে কিছু নতুন নীতি-নিৰ্দেশনা। কেন্দ্ৰৰ এই নতুন নীতি-নিৰ্দেশনাক লৈ শনিবাৰে নিশা ডিব্ৰুগড়ত আৰক্ষী বিষয়াসকলে অনুষ্ঠিত কৰে এখন সজাগতা সভা। ডিব্ৰুগড় থানা চাৰিআলি প্ৰাংগণত আৰক্ষী অধীক্ষক শ্ৰীজিৎ ট্ৰীৰ উপস্থিতিত আৰক্ষীসকলক কেন্দ্ৰৰ নতুন নিৰ্দেশনাৱলী সন্দৰ্ভত অৱগত কৰোৱা হয় । ৰাজপথত সামাজিক দুৰত্ব বাহাল ৰাখি অনুষ্ঠিত কৰা সজাগতা সভাখনত উপ আৰক্ষী অধীক্ষক,অতিৰিক্ত আৰক্ষী অধীক্ষকো উপস্থিত থাকে।
উল্লেখ্য যে,নতুন নিৰ্দেশনা অনুসৰি আগন্তুক ৩ মে’লৈকে সকলোৱে মাস্ক পৰিধান কৰাটো অতি জৰুৰী। লগতে ৰাজহুৱা স্থানত থু পেলালে বা লক ডাউন উলংঘা কৰিলে জৰিমনা ভৰিব লাগিব। চাৰিচকীয়া গাড়ীত চালকৰ সৈতে মাত্ৰ এজন আৰোহী,দুচকীয়া বাহনত মাত্ৰ চালকজন বহাৰহে অনুমতি থাকিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : বিশ্বনাথত আত্মসহায়ক গোটৰ 700 বিনামূলীয়া মাস্ক বিতৰণ

ABOUT THE AUTHOR

...view details