ডিব্ৰুগড়, 23 ফেব্ৰুৱাৰীঃআজি উজনিৰ ২৩টা বিধানসভাক সাঙুৰি ডিব্ৰুগড়ত অনুষ্ঠিত হয়, বিজেপিৰ অন্তিম খন সংকল্প সমাৰোহ ৷ ডিব্ৰুগড়ৰ খনিকৰত শাসকীয় দলটোৰ অন্তিমখন সংকল্প সমাৰোহত সমবেত হয় প্ৰায় লক্ষাধিক লোকৰ ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী নৱ কুমাৰ দলে, অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, প্ৰদান বৰুৱাকে ধৰি কেইবাখনো জিলাৰ বিধায়কে অংশগ্ৰহণ কৰে এই সমাৰোহত ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ পিচৰে পৰা বিজেপিয়ে শান্তি সমদল, শান্তি সমাৰোহ, সংকল্প যাত্ৰা আদি বিভিন্ন নামেৰে নলবাৰী জিলাৰ পৰা আৰম্ভ কৰিছিল বিশাল এই বিশাল সমোৰোহ কাৰ্যসূচী ৷
ডিব্ৰুগড়ত অনুষ্ঠিত বিজেপিৰ অন্তিম খন সংকল্প সমাৰোহ - প্ৰদান বৰুৱা
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী নৱ কুমাৰ দলে, অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত, সাংসদ তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, প্ৰদান বৰুৱাকে ধৰি কেইবাখনো জিলাৰ বিধায়কৰ লগতে লক্ষাধিক লোকৰ অংশগ্ৰহণেৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয়, বিজেপিৰ অন্তিম খন সংকল্প সমাৰোহ ৷
বিজেপিৰ অন্তিম খন সংকল্প সমাৰোহ
উল্লেখ্য যে, আজিৰ এই অন্তিমখন সংকল্প সমাৰোহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে নিজৰ গৃহ চহৰতে সন্মুখীন হৈছিল প্ৰত্যাহ্বানৰ ৷ যাৰ বাবে ডিব্ৰুগড়ত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি উচ্চ পদস্থ আৰক্ষী বিষয়া সকলে বাহৰ পাতি থকাৰ লগতে কটকটীয়া কৰি তুলিছিল নিৰাপত্তা ব্যৱস্থা ৷
লগতে পঢ়কঃধেমাজিত আছুৰ 30 ঘন্টীয়া গণ অনশনৰ সামৰণি