ডিব্ৰুগড়, 22 মাৰ্চ :ডিব্ৰুগড়ত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় G20 সন্মিলন ৷ ডিব্ৰুগড়ত ২৪ আৰু ২৫ মাৰ্চত অনুষ্ঠিত হব G20 ৰ সন্মিলন ৷ বিশ্বৰ ২৯ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলগীয়া এই সন্মিলনখনক লৈ তৎপৰ হৈ পৰিছে ডিব্ৰুগড় জিলা প্ৰশাসন । আজি ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত এই সন্দৰ্ভত উপায়ুক্ত বিশ্বজিত পেগুৱে আয়োজন কৰে এখন সংবাদ মেল (Dibrugarh DC press meet on G 20) ।
সংবাদ মেলখনত অহা ২৪ আৰু ২৫ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া আন্তৰাষ্ট্ৰীয় জি-২০ ৰ প্ৰস্তুতিৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰে উপায়ুক্ত জিলা বিশ্বজিত পেগুৱে । ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে আয়োজন কৰা এই দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ২০ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপৰি ৯ খন ৰাষ্ট্ৰই নিমন্ত্ৰিত প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ পৰা গৈছে । মনোহাৰী টী ষ্টেটত অনুষ্ঠিত হ'বলগীয়া সন্মিলন খনৰ প্ৰথম দিনা ৬ খনকৈ বৈঠক অনুষ্ঠিত হ'ব বুলি সংবাদ মেলত উল্লেখ কৰে জিলা উপায়ুক্ত গৰাকীয়ে (Dibrugarh DC Biswajit Pegu press meet) ।