অসম

assam

ETV Bharat / state

চাৰখলীয়া চাপৰিত সংঘটিত ঘটনাৰ তদন্তৰ বাবে ৰাওনা ডিব্ৰুগড় আৰক্ষীৰ দল - police investigation on sarkhaliya sapori incident

চাৰখলীয়া চাপৰিত বছৰ বছৰ ধৰি বসবাস কৰা লোক সকলক টি এম পি কেই ধনদাবী কৰি আহিছিল ৷ গোৱলাৰ পৰা দাবীকৰা ধন নোপোৱাৰ বাবেই টি এম পি কেৰ এটা দলে গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা গোৱালা সকলৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে ৷ ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰখলিয়া চাপৰিত ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে টি এম পি কেৰ লাই মেকুৰী আঞ্চলিক সমিতিৰ বিৰুদ্ধে গোছৰ দাখিল কৰিছে ৷

চাৰখলীয়া চাপৰিত সংঘটিত ঘটনাৰ তদন্তৰ বাবে ৰাওনা ডিব্ৰুগড় আৰক্ষীৰ দল

By

Published : Oct 20, 2019, 4:32 PM IST

ডিব্ৰুগড়, 20 অক্টোবৰঃ ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত চাৰখলীয়া চাপৰিত সংঘটিত ভয়ংকৰ ঘটনাৰ তদন্তৰ বাবে ৰাওনা ডিব্ৰুগড় আৰক্ষীৰ এটা বৃহৎ দল ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ বুকুৱে ৰাওনা হৈছে আৰক্ষীৰ বৃহৎ দলটো ৷ চাৰখলীয়া চাপৰিৰ ৰামসিংহ ঘাটত যোৱা নিশা একাংশ গোৱলাৰ ওপৰত মিছিং জনগোষ্ঠীয় সংগঠন টি এম পি কেৰ নাম লৈ আক্ৰমণ চলোৱা হয় ৷ জ্বলাই দিয়া হয় দহটাৰো অধিক বাসগৃহ ৷ লগতে দা- লাঠিৰে চলোৱা আক্ৰমণৰ ফলত কেইবাজনো লোক আহত হোৱাৰ উপৰি মুৰুলী যাদৱ নামৰ এজন লোকৰ আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ দাৰ ঘাপত আহত মুৰলী যাদব ডিব্ৰুগড়ৰ বহ্মপুত্ৰ নাছিংহোমৰ আই চি ইউত চিকিৎসাধীন হৈ আছিল । আনহাতে বিজয় যাদব নামৰ আন এজন এ এম চিত চিকিৎসাধীন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷

চাৰখলীয়া চাপৰিত সংঘটিত ঘটনাৰ তদন্ত

উল্লেখ্য যে, চাপৰিত বছৰ বছৰ ধৰি বসবাস কৰা লোক সকলক টি এম পি কেই ধনদাবী কৰি আহিছিল ৷ গোৱলাৰ পৰা দাবীকৰা ধন নোপোৱাৰ বাবেই টি এম পি কেৰ এটা দলে গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা গোৱালা সকলৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে ৷ ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰখলিয়া চাপৰিত ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে টি এম পি কেৰ লাই মেকুৰী আঞ্চলিক সমিতিৰ বিৰুদ্ধে গোছৰ দাখিল কৰিছে ৷ ডিব্ৰুগড়ৰ পৰা নাৱেৰে চাৰি ঘন্টা সময় লগাৰ বাবে আৰক্ষী নিশাৰ ভাগত যাব নোৱাৰিলে যদিও আজি এটা বৃহৎ দল ৰাওনা হৈছে ৷

আনহাতে, নদীৰ মাজৰ অতি দুৰ্গম চাৰখলিয়া, চকিয়া চাপৰিত স্বাধীনতাৰ পূবৰে পৰা বসবাস কৰি অহা এহেজাৰ পৰিয়ালৰ বহু লোক নিশাৰ ঘটনাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে ৷ উক্ত ঘটনাই সমগ্ৰ ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীৰ তদন্ততহে প্ৰকৃত ঘটনা সন্দৰ্ভত জানিব পৰা যাব ৷

ABOUT THE AUTHOR

...view details