মৰাণ, ১১ জুলাই :বিনীত বাগাৰীয়াৰ আত্মহত্যাৰ (Binit Bagaria suicide case) পাছতে ডিব্ৰুগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভোলাৰাম টেৰাঙক বদলি (Dibrugarh Police Station OC transfered) । উল্লেখ্য, আৰক্ষীৰ ওচৰত ন্যায় নাপাই ডিব্ৰুগড়ৰ পশুপ্ৰেমী বিনীত বাগাৰীয়াই আত্মহত্যা কৰে । উক্ত ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ পাছতে আজি ডিব্ৰুগড় থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভোলাৰাম টেৰাঙক শাস্তিমূলক বদলি কৰে গৃহ বিভাগে ।
তেওঁৰ ঠাইত ডিব্ৰুগড় সদৰৰ নতুন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে নিযুক্তি দিয়ে যোৰহাটৰ ৰাজু ছেত্ৰীক । উল্লেখ্য, দুদিন পূৰ্বে ডিব্ৰুগড়ৰ বিনীত বাগাৰীয়াৰ বাসগৃহত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Himanta Biswa Sarma visited Dibrugarh) । মুখ্যমন্ত্ৰী গৈ বাগাৰীয়াৰ ঘৰত উপস্থিত হোৱাৰ পাছতে যেন তৎপৰ হয় আৰক্ষী ।
আনহাতে, বহুদিন পূৰ্বে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক তথা ডিব্ৰুগড়ৰ সদৰ থানাত বিনীত বাগাৰীয়াৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল । কিন্তু তাৰ পাছতো বিনীত বাগাৰীয়াৰ লগতে তেওঁৰ পৰিয়ালৰ কথাত কোনো গুৰুত্ব আৰোপ কৰা নাছিল ডিব্ৰুগড় আৰক্ষীয়ে । ফলত নিৰাপত্তাহীনতাত ভুগি বিনীত বাগাৰীয়াই আত্মহত্যা কৰাৰ অভিযোগ । ইয়াৰ পিছতেই দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ডিব্ৰুগড়ৰ ৰাইজে ।