অসম

assam

ETV Bharat / state

ওম প্ৰকাশ আগৰৱালা হত্যাকাণ্ডত ব্যৱহৃত মাৰণাস্ত্ৰ উদ্ধাৰ

19 নৱেম্বৰত ডিব্ৰুগড়ত গ্ৰেহেম বজাৰত সংঘটিত চাঞ্চল্যকৰ ওম প্ৰকাশ আগৰৱালা হত্যাকাণ্ডৰ হত্যাকাৰী ইবাদ আলী ওৰফে আমিনক ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত 7.65mm পিষ্টলটো উদ্ধাৰ কৰে ৷

By

Published : Feb 14, 2020, 4:54 AM IST

Dibrugarh Police recover murder weapon use in Om Prakash Agarwala murder case
ওম প্ৰকাশ আগৰৱালা হত্যাকাণ্ডত ব্যৱহৃত মাৰণাস্ত্ৰ উদ্ধাৰ

ডিব্ৰুগড়,13 ফেব্ৰুৱাৰী : ওম প্ৰকাশ আগৰৱালা হত্যাকাণ্ডত ব্যৱহৃত মাৰণাস্ত্ৰ উদ্ধাৰ ডিব্ৰুগড় আৰক্ষীৰ ৷ 19 নৱেম্বৰত ডিব্ৰুগড়ত গ্ৰেহেম বজাৰত সংঘটিত চাঞ্চল্যকৰ ওম প্ৰকাশ আগৰৱালা হত্যাকাণ্ডৰ হত্যাকাৰী ইবাদ আলী ওৰফে আমিনক তিনিদিন পূৰ্বে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত এই হত্যাকাণ্ডত ব্যৱহৃত 7.65mm পিষ্টলটো হত্যাকাণ্ড সংঘটিত হোৱা স্থানৰ কাষৰ এটা নলাৰ পৰা বৃহস্পতিবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ মতে, হত্যাকাৰী ইবাদ আলীক ডিব্ৰুগড় আৰক্ষীয়ে চাৰিদিনৰ জিম্মাত লৈ কৰা জেৰাৰ পিছতেই হত্যাকাৰী ইবাদ আলী ওৰফে আমিনে ঘটনা সংঘটিত কৰি পিষ্টলটো কাষৰ ড্ৰেইনত পেলাই যোৱাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে । উল্লেখ্য যে প্ৰায় আঢ়ৈ মাহপূৰ্বে ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা প্ৰায় এক কিলমিটাৰ নিলগৰ গ্ৰেহেম ফুটগধূলিতে ব্যৱসায়ী ওমপ্ৰকাশ আগৰৱালাক হত্যাকাৰীয়ে শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰি ধন লোট কৰি নিছিল । এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল সমগ্ৰ ডিব্ৰুগড়ত । অৱশ্যে এইপৰ্যন্ত আৰক্ষীয়ে হত্যাকাণ্ড সংঘটিত কৰি লোট কৰি নিয়া টকা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । অভিযুক্ত ইবাদে ইয়াৰ পূৰ্বেও আন এক হত্যাৰ লগত জড়িত আছিল আৰু কাৰাবাস খাতিছিল বুলি আৰক্ষীয়ে জনাই ।

ওম প্ৰকাশ আগৰৱালা হত্যাকাণ্ডত ব্যৱহৃত মাৰণাস্ত্ৰ উদ্ধাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details