ডিব্ৰুগড়, 1 নৱেম্বৰ: ৰাজ্যত আকৌ গুলী চালনাৰ ঘটনা ৷ এইবাৰ গুলী ফুটিল ডিব্ৰুগড়ত (Dibrugarh Firing Case) ৷ অৱশ্যে অসম আৰৰক্ষীৰ বিপৰীতে এইবাৰ ডিব্ৰুগড়ত এজন বাইক আৰোহীক লক্ষ্য কৰি অচিনাক্ত দুৰ্বৃত্তই কৰে গুলী চালনা (Man shot at by unidentified gunmen in Dibrugarh) ৷
জানিব পৰা মতে, সোমবাৰে বিয়লি ডিব্ৰুগড়ৰ ৰাজপথত সংঘটিত হোৱা এই গুলী চালনাত আহত হয় সিদ্ধাৰ্থ ৰাজখোৱা নামৰ বাইক আৰোহীগৰাকী ৷ ডিব্ৰুগড় চহৰৰ পৰা কমাৰনী চিঙাৰ গৃহ অভিমুখে গৈ থকা অৱস্থাতে ডিব্ৰুগড়ৰ লালুকাত এখন ট্ৰায়াৰ দোকানৰ সন্মুখত হঠাৎ গুলীবিদ্ধ হয় লোকজন (Firing at Laluka Gaon Dibrugarh) । ইয়াৰ পাচতে বাইক আৰোহী সিদ্ধাৰ্থ ৰাজখোৱাই কিছু দূৰ গৈয়ে পথৰ কাষতে ধলি পৰে ।
স্থানীয় লোকৰ তৎপৰতাত গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হয় সিদ্ধাৰ্থ ৰাজখোৱাক ৷
তাৰ পাচতে গুৰুতৰভাৱে আহত গুলীবিদ্ধ সিদ্ধাৰ্থক ভৰ্তি কৰোৱা হয় AMCH ত । তথ্য অনুসৰি, ডিব্ৰুগড় আদালতৰ কৰ্মচাৰী হৈছে সিদ্ধাৰ্থ ৰাজখোৱা ওৰফে নাজিৰ । ইফালে খবৰ পোৱা মাত্ৰে ঘটনাস্থলীত উপস্থিত হয় ডিব্ৰুগড় আৰক্ষী আৰু আৰম্ভ কৰে তদন্ত ৷
লগতে পঢ়ক :Firing in Dibrugarh : ডিব্ৰুগড়ত দুৰ্বৃত্তৰ গুলীত আহত এজন