অসম

assam

ETV Bharat / state

ৰহস্যজনক অৱস্থাত উদ্ধাৰ অৰ্ধ গলিত মৃতদেহ - তীব্ৰ দুৰ্গন্ধ বিয়পি পৰাৰ ফলত মৃতদেহটো

মিছিং জনগোষ্ঠীৰ মুলুং গৃহত উদ্ধাৰ অৰ্ধ গলিত মৃতদেহ ৷ আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত মৃতদেহতো উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৷

dibrugarh  one deathbody rescue police mising murung house
ডিব্ৰুগড়ত পুনৰ ৰহস্যজনক ভাৱে উদ্ধাৰ মৃতদেহ

By

Published : Jul 2, 2020, 10:42 PM IST

ডিব্ৰুগড়,2জুলাইঃ ডিব্ৰুগড় জিলাত পুনৰ ৰহস্যজনক ভাৱে মৃতদেহ উদ্ধাৰ । এইবাৰ ডিব্ৰুগড় চহৰৰ মিলননগৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । মিলননগৰৰ এফ গলিত থকা মিছিং জনগোষ্ঠীৰ মুৰুঙ ঘৰৰ বন্ধ কোঠাত উদ্ধাৰ খণ্ড-বিখণ্ড হৈ পৰা মৃতদেহ । মৃতদেহটো লৈ তীব্ৰ চাঞ্চল্য সমগ্ৰ ডিব্ৰুগড়ত । বন্ধ কোঠাটোৰ পৰা গোন্ধ ওলোৱাতহে স্থানীয় ৰাইজে মৃতদেহতো প্ৰত্যক্ষ কৰে । মুৰুং ঘৰটো বাহিৰৰ পৰা তলাবন্ধ আছিল যদিও খিৰিকী আৰু চিলিং ভঙা আছিল । সমগ্ৰ অঞ্চলটোত তীব্ৰ দুৰ্গন্ধ বিয়পি পৰাৰ ফলত মৃতদেহটো আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । মুৰুং ঘৰৰ কোঠাটোৰ দুখন খিড়িকী ভাঙি থকাৰ লগতে কোঠাটোৰ ওপৰৰ চিলিং ভাঙি থকা দেখি কোনো লোকে হত্যা কৰি যোৱা বুলিও সন্দেহ প্ৰকাশ কৰা হৈছে। পানীৰ টেংকি চাফা কৰিবলৈ অহা এজন ব্যক্তিয়ে প্ৰথমে প্ৰত্যক্ষ কৰে মৃতদেহটো । ইফালে মৃতদেহটোৰ ওচৰৰ পৰা দুটা ম‘বাইলো উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

ডিব্ৰুগড়ত পুনৰ ৰহস্যজনক ভাৱে উদ্ধাৰ মৃতদেহ

ইপিনে শেহতীয়াকৈ ডিব্ৰুগড় কাংকান নগৰৰ হাকিম মিছং বুলি মৃতদেহটো পৰিয়ালৰ সহযোগত চিনাক্ত কৰিছে আৰক্ষীয়ে । প্ৰায় এসপ্তাহৰ পূৰ্বৰ পৰা লোকজন সন্ধানহীন হৈ আছিল বুলি জানিব পৰা গৈছে। কিন্তু কেনেকৈ কি কাৰণত এনেদৰে বন্ধ কোঠাত মৃতদেহটো উদ্ধাৰ হ'ল আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব । জনবসতি পূৰ্ণ অঞ্চলটোত সংঘটিত এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

লগতে পঢ়কঃ হোজাইৰ যমুনা নৈত উদ্ধাৰ সন্ধানহীন শিশুৰ মৃতদেহ

ABOUT THE AUTHOR

...view details