অসম

assam

ETV Bharat / state

পূৰ্বৰ পৰা খাপ পিতি থকা ঘাটকে হত্যা কৰিছিল ওম প্ৰকাশ আগৰৱালাক

এটা আটা মিলৰ মুখ্য কৰ্মচাৰী ওম প্ৰকাশ আগৰৱালাক বিগত 19 নৱেম্বৰৰ সন্ধিয়া ডিব্ৰুগড় চহৰত হত্যা কৰি থৈ যায় দুবৃত্তই ৷ ঘটনা সন্দৰ্ভত বৰ্তমানলৈ আটক কৰা হৈছে 24 জনকৈ লোকক ৷

By

Published : Nov 25, 2019, 4:48 PM IST

পূৰ্বৰ পৰা খাপ পিতি থকা ঘাটকে হত্যা কৰিছিল ওম প্ৰকাশ আগৰৱালাক

ডিব্ৰুগড়, 25 নৱেম্বৰঃ বিগত 19 নৱেম্বৰৰ সন্ধিয়া ডিব্ৰুগড় চহৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ এটা আটা মিলৰ মুখ্য কৰ্মচাৰী ওম প্ৰকাশ আগৰৱালাক দুবৃত্তই পথতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে গুলিয়াই হত্যা কৰে ৷ ইতিমধ্যে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক গৌতম বৰাৰ লগতে কেইবাজনো জেষ্ঠ আৰক্ষীৰ তৎপৰতাত তীব্ৰ গতিত আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়া ৷ বৰ্তমানলৈ আটক কৰা হৈছে 24 জনকৈ লোকক ৷ আটক কৰা লোকসকল পূৰ্বেও বহু অপৰাধজনিত ঘটনাসমূহ বিশ্লেষণ কৰাৰ লগতে মোবাইল ট্ৰেকিঙৰ ব্যৱস্থাও আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত এক গুৰুত্বপূৰ্ণ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে ৷

ওম প্ৰকাশ আগৰৱালা হত্যাকাণ্ডৰ তদন্ত

আৰক্ষীয়ে জনোৱা অনুসৰি বাইকেৰে পিচ লৈ আহি হত্যা কৰা হোৱা নাছিল ওম প্ৰকাশ আগৰৱালাক ৷ পূৰ্বৰে পৰা খাপ পিতি ঘটনাস্থলীতে ওম প্ৰকাশলৈ অপেক্ষা কৰি আছিল ঘাটকৰ দলে ৷ তদন্তৰ গতি আগবাঢ়ি যোৱাৰ পাছতে এই কথা একপ্ৰকাৰ নিশ্চিত হৈছে ডিব্ৰুগড় আৰক্ষী ৷ এই হত্যাকাণ্ড সূত্ৰৰ ক্ষেত্ৰত কিছু অসুবিধা হোৱাৰ বাবেই সময়ৰ প্ৰয়োজন হোৱা বুলি কয় যদিও সফলতাৰ দিশে আগবঢ়া বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details