অসম

assam

ETV Bharat / state

চেলুনৰ ব্যৱসায়েৰে স্বাৱলম্বীতাৰ নিদৰ্শন ৰিতুপৰ্ণ বৰুৱাৰ

চেলুনৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড়ৰ ৰিতুপৰ্ণ বৰুৱাই ৷ চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খোৱাৰ বিপৰীতে আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে এই ব্যৱসায় আৰম্ভ কৰিছে যুৱকজনে ৷

By

Published : Jul 18, 2020, 1:25 PM IST

Naharkatiya Rituparna Baruah self reliant through parlour business
চেলুনৰ ব্যৱসায়েৰে স্বাৱলম্বীতাৰ নিদৰ্শন ৰিতুপৰ্ণ বৰুৱাৰ

নাহৰকটীয়া, 18 জুলাই : চেলুনৰ ব্যৱসায়েৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে চাচনীৰ এজন যুৱকে ৷ চৰকাৰী চাকৰি বিচাৰি হাবাথুৰি খোৱাৰ বিপৰীতে আত্মনিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে এই ব্যৱসায় আৰম্ভ কৰিছে ডিব্ৰুগড়ৰ নাহৰকটীয়া চাচনীৰ ৰিতুপৰ্ণ বৰুৱা নামৰ যুবকজনে ৷

উল্লেখ্য যে, নাহৰকটীয়া চহৰৰ পৰা প্ৰায় 20 কিঃমিঃ নিলগত অৱস্থিত 85 খন গাঁও অন্তৰ্ভুক্ত বৃহৎ মৌজা চাচনীৰ আমগুৰি গাঁৱত এখন চেলুন খুলি বিগত প্ৰায় 6 বছৰ ধৰি যুৱকজনে চলাই আহিছে ব্যৱসায় ৷ তেনেই কম মূলধনেৰে আৰম্ভ কৰিব পৰা এই ব্যৱসায়ত জড়িত হৈ ৰিতুপৰ্ণ বৰুৱাই গ্ৰামাঞ্চলৰ নৱপ্ৰজন্মক আত্মনিৰ্ভশীল হ’বলৈ পথ দেখুওৱাৰ লগতে অনা-অসমীয়াৰ দখলত থকা এই ব্যৱসায় অসমীয়া যুৱকৰ অংশগ্ৰহণৰ দ্বাৰা থলুৱাৰ হাতলৈ আনিবলৈ আহ্বান জনায় ৷

চেলুনৰ ব্যৱসায়েৰে স্বাৱলম্বীতাৰ নিদৰ্শন ৰিতুপৰ্ণ বৰুৱাৰ

দুলিয়াজানত হেয়াৰ কাটিং, হেয়াৰ ট্ৰিটমেণ্ট, ফেচিয়েল আদি সৌন্দৰ্য চৰ্চাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি দুলিয়াজানৰে এখন চেলুনত নিজকে আত্মনিয়োগ কৰি ৰখাৰ সমান্তৰালকৈ ৰিতুপৰ্ণই চলাই যায় স্নাতক পৰীক্ষাৰ প্ৰস্তুতি ৷ অৱশেষত স্নাতক ডিগ্ৰী লৈ তেওঁ নিজৰ গাঁওখনলৈ উভতি আহি আৰম্ভ কৰে এই ব্যৱসায় ৷ অৱশ্যে অতি কম মূলধনত আৰম্ভ কৰা ৰিতুপৰ্ণৰ এই চেলুনত প্ৰথম অৱস্থাত গ্ৰাহকৰ সংখ্যা কম আছিল যদিও তেওঁৰ কৰ্ম নিপুনতাৰ খবৰ বিয়পি পৰাৰ পাচতে সৌন্দৰ্য চৰ্চা কৰি ভালপোৱা নাহৰকটীয়া চহৰৰ বিভিন্ন লোকৰ লগতে বৰহাত মৰাণৰ পৰাও তেওঁৰ চেলুনলৈ গ্ৰাহক আহিবলৈ আৰম্ভ কৰে ৷

অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা ৰিতুপৰ্ণই পুৱা 9 বজাৰ পৰা নিশা 1 বজালৈও কাম কৰিব লগা হয় বুলি তেওঁ জানিবলৈ দিয়ে ৷ ব্যতিক্ৰমী চিন্তা আৰু আত্মনিৰ্ভৰশীল হোৱাৰ স্বপ্নৰে জনপ্ৰিয় হোৱা ৰিতুপৰ্ণ হৈ পৰিছে উঠি অহা প্ৰজন্মৰ বাবে চেলুনৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন ৷

লগতে পঢ়ক : খহনীয়া প্ৰতিৰোধ কৰিবলৈ তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন

ABOUT THE AUTHOR

...view details