ডিব্ৰুগড়ৰ পেণ্টালুনচত কাণ্ডঃ নিৰ্দোষী যুৱকক গ্ৰেপ্তাৰৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে - Dibrugarh news
ডিব্ৰুগড়ৰ পেণ্টালুনচৰ ঘটনা সন্দৰ্ভত ছয়জনক গ্ৰেপ্তাৰ আৰক্ষীৰ । উদ্বোধনৰ পিছদিনাই পেণ্টালুনচত নিৰ্মীয়মান লিফটৰ তলত কৰ্মৰত লাটু দিহিঙীয়া নামৰ কৰ্মচাৰী জনৰ মৃতদেহ উদ্ধাৰ হৈছিল । ইফালে ঘটনাক সংক্ৰান্তত আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন মৃত কৰ্মচাৰীজনৰ গাঁওবাসীৰ ৷ গাঁওবাসীয়ে গ্ৰহণ কৰিছে পেণ্টালুনচ বন্ধৰ কাৰ্যসূচী ৷
ডিব্ৰুগড়, 22 ছেপ্টেম্বৰঃ শনিবাৰে বিয়লি ডিব্ৰুগড়স্থিত পেণ্টালুনচ নামৰ ব্যৱসায়িক শ্বপিং মলটোৰ লিফটৰ তলত কৰ্মচাৰী লাটু দিহিঙীয়াৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ এই পৰ্যন্ত হত্যা নে দুৰ্ঘটনা সেয়া স্পষ্ট হৈ উঠা নাই যদিও ৷ আৰক্ষীয়ে ইতিমধ্যে আতক কৰা ১৫ জনৰে 6 জনক বাদ দি কেইজনক সোধপোছ কৰি মুকলি কৰি দিয়ে দিয়ে ৷ আনহাতে 6 জনৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ সদৰ আৰক্ষী থানাৰ ১৫৮১/১৯নং গোচৰৰ অধীনত পেণ্টালুনচৰ মেনেজাৰ ৰঞ্জু হাজৰিকা,কৰ্মচাৰী দিপেন দিহিঙীয়া, ছজিবুৰ ৰহমান, কেশৱ হাজৰিকা, কেশৱ সোণোৱাল,আৰু ৰঞ্জিত বৰুৱাক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে । ইফালে আৰক্ষীয়ে প্ৰতিষ্ঠানটোৰ কৰ্ত্তৃপক্ষৰ লগতে পেণ্টালুনচৰ পৰিচালক আৰু জড়িত সকলক মুকলি কৰি নিৰ্দোষী সকলক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মৃত লাটু দিহিঙীয়াৰ গাঁৱৰ ৰাইজে ৷ আনহাতে নিহত লাটুৰ একে গাঁৱৰে দীপেন দিহিঙ্গীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ তীব্ৰ ক্ষোভ একাংশ ৰাইজৰ । গাওঁবাসীৰ ভাষ্য অনুসৰি দীপেনে নিজ গাঁৱৰ নিবনুৱা যুৱকক আন বহু এনে স্থানীয় শ্বপিং মলত সংস্থাপনৰ পূৰ্বেও দিহা কৰিছে । ৰাইজৰ মতে নিজ গাঁৱৰে লাটুকও দীপেনে নতুনকৈ মুকলি কৰা পেন্টালুনচত সংস্থাপনৰ বাবে যোগাযোগ কৰাই দিছিল । তেনেস্থলত যুৱকজনক আৰক্ষীয়ে দোষী সজোৱা কাণ্ডক সহজভাৱে ল'ব পৰা নাই গাওঁবাসীয়ে ৷ আৰক্ষীয়ে মালিকপক্ষৰ পক্ষ লৈ নিৰ্দোষী যুৱকক দোষী সজোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ আনহাতে ৰাইজে দীপেনক মুকলি নকৰা পৰ্যন্ত ৰাইজে পেন্টালুনচ মুকলি কৰিব নিদিয়ে বুলি দিলে হুংকাৰ দিছে ।