অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ এছ বি আই কাণ্ডৰ নায়কক ডিব্ৰুগড়লৈ নিলে আৰক্ষীয়ে - জিপি সিং

ডিব্ৰুগড়ৰ এছ বি আইত অসৎ কাৰ্য সম্প্ৰাদান কৰা লোকজনক অনা হ'ল ডিব্ৰুগড়লৈ ৷ জানো আহক আচলতে ক’ত কি দৰে সংঘটিত হৈছিল এই লজ্জাজনক ঘটনা ৷

dibrugarh-molestation-case-accused-got-arrested
ডিব্ৰুগড়ৰ এছ বি আই কাণ্ডৰ নায়কক ডিব্ৰুগড়লৈ নিলে আৰক্ষীয়ে

By

Published : Sep 16, 2021, 8:49 PM IST

ডিব্ৰুগড়, 16 ছেপ্টেম্বৰ :সভ্য সমাজক লজ্জানত কৰা এক ঘটনাই সমগ্ৰ অসম জোঁকাৰি যোৱাৰ পাছত ডিব্ৰুগড়ৰ আৰক্ষীয়ে বিকৃত মানসিকতাৰ ব্যক্তি জনক শিৱসাগৰৰ পৰা বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা ডিব্ৰুগড় থানা চাৰিআলিৰ ষ্টেট বেংকৰ কাৰ্যালয়ত চিচি টিভিৰ ভিডিঅ’ সংগ্ৰহ কৰি উক্ত লোক জনক চিনাক্ত কৰি সন্ধান অব্যাহত ৰখাৰ পাছত বুধবাৰে নিশা শিৱসাগৰৰ পৰা এখন নৈশ বাছেৰে গুৱাহাটী অভিমুখে পলায়নৰ চেষ্টা চলাওতে ডিব্ৰুগড় আৰক্ষীয়ে শিৱসাগৰ আৰক্ষী সহযোগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উক্ত লোকজনৰ নাম ঋতু নন্দেশ্বৰ শেনচোৱা ওৰফে ঋতু ৰাজ গগৈ বুলি জানিব পৰা গৈছে । লোকজনৰ প্ৰকৃত ঘৰ শিৱসাগৰ ডিমৌত যদিও ডিব্ৰুগড়ত এটা ভাড়াঘৰত থকা বুলি জানিব পৰা গৈছে । তেওঁৰ প্ৰকৃত নাম ঋতু নন্দেশ্বৰ শেনচোৱা, কিন্তু জনপ্ৰিয় চচিয়েল মিডিয়া ফেচবুকত আছে ঋতু ৰাজ গগৈ বুলিহে। শিৱসাগৰ বাছৰ পৰা আটক কৰি নিশা প্ৰায় ১-৩০বজাত ডিব্ৰুগড় সদৰ থানালৈ অনা হয় দুষ্ট চৰিত্ৰৰ লোকজনক ।

ডিব্ৰুগড়ৰ এছ বি আই কাণ্ডৰ নায়কক ডিব্ৰুগড়লৈ নিলে আৰক্ষীয়ে

ৰাজ্যত সততে বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ মাজতে এটা বিত্তীয় প্রতিষ্ঠানত ধনৰ লেনদেনৰ বাবে শাৰী পাতি থকা এগৰাকী ভদ্র মহিলাক দিন-দুপৰতে অসৎ চৰিতাৰ্থ পূৰণৰ চেষ্টা চলাইছিল ভণ্ড লোকজনে । এই ঘটনাই ডিব্ৰুগড় চহৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল, ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকৰ ৫নং কাউণ্টাৰত মহিলাগৰাকীয়ে ধনৰ লেনদেনৰ বাবে শাৰী পাতি থকাৰ অৱস্থাত সংঘটিত হৈছিল এই ঘটনা ।

এই লোকজনে মহিলাগৰাকীৰ অজ্ঞাতেই অসৎ কামনা চৰিত্ৰাৰ্থ কৰাৰ বাবে চেষ্টা চলায়। ইফালে, সমীপতে থকা এগৰাকী যুৱতীয়ে একে শাৰীতে থিয় দি থকা ভণ্ড লোকজনৰ কু-কাৰ্য আবদ্ধ কৰি ৰাখে নিজৰ মোবাইলত । ইয়াৰ পিছতে ছ'চিয়েল মেডিয়াত উপলব্ধ হৈ পৰে ভিডিঅ'টো । লগে লগে বনজুইৰ দৰে বিয়পি ভাইৰেল হৈ পৰে ঘটনাটো ।

ইয়াৰ পিছতে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্রধান জিপি সিঙেও টুইটযোগে ডিব্ৰুগড় আৰক্ষীক ব্যৱস্থা গ্ৰহণ নিৰ্দেশ দিয়ে । শীঘ্ৰে দোষী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ ডিব্ৰুগড় আৰক্ষীক নির্দেশ প্ৰদান কৰিছিল জিপি সিঙে । শেহতীয়াকৈ ডিব্ৰুগড় আৰক্ষীয়ে ভণ্ড লোকজনক বিচাৰি আৰম্ভ কৰিছিল অভিযান । অৱশ্যে লোক জন ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা পলায়ন কৰা লগতে এখন নৈশ বাছেৰে শিৱসাগৰৰ পৰা আন ঠাইলৈ যোৱাৰ চেষ্টা চলাওতে গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে । ডিব্ৰুগড় আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 354A/509 ধাৰাৰ অধীনত 1793/21 নং গোচৰত লোকজনক গ্ৰেপ্তাৰ কৰা লগতে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :গুৱাহাটীত একেদিনাই ৭৫ হাজাৰ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য

ABOUT THE AUTHOR

...view details