চৰকাৰী সাহাৰ্যলৈ বিধায়ক উন্নয়ন পুঁজিৰ 10 লাখ অনুদান প্ৰশান্ত ফুকনৰ - মুখ্যমন্ত্ৰী পুঁজীলৈ বিধায়ক উন্নয়ন পুঁজিৰ 10 লাখ অনদান আগবঢ়ালে প্ৰশান্ত ফুকনে
কিছুদিন পূৰ্বে চৰকাৰলৈ নিজাববীয়াকৈ 1 লাখ টকাৰ অনুদান আগবঢ়াইছিল ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে ৷
![চৰকাৰী সাহাৰ্যলৈ বিধায়ক উন্নয়ন পুঁজিৰ 10 লাখ অনুদান প্ৰশান্ত ফুকনৰ 10 লাখ অনুদান প্ৰশান্ত ফুকনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6587233-172-6587233-1585497706192.jpg)
10 লাখ অনুদান প্ৰশান্ত ফুকনৰ
ডিব্ৰুগড়, 29 মাৰ্চ: কৰ'ণা প্ৰতিৰোধৰ বাবে চৰকাৰলৈ বিধায়ক উন্নয়ন পুঁজিৰ 10 লাখ টকা আগবঢ়ালে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । কিছুদিন পূৰ্বে চৰকাৰলৈ নিজাববীয়াকৈ 1 লাখ টকাৰ অনুদান আগবঢ়াইছিল ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে ৷ সোমবাৰে সমষ্টিটোৰ দুখীয়া ৰাইজক কিছু সকাহ দিবৰ বাবে পুনৰ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক উন্নয়ন পুঁজিৰ পৰা 10 (দহ) লাখ টকা ডিব্ৰুগড় জিলা উপায়ুক্তৰ হাতত অৰ্পণ কৰে বিধায়কগৰাকীয়ে।