ডিব্ৰুগড়, ১২ জানুৱাৰী :মনত অদম্য হেঁপাহ থাকিলে যিকোনো অসম্ভৱ কামো যে সম্ভৱ কৰি তুলিব পাৰি তাৰেই এক জলন্ত উদাহৰণ দাঙি ধৰিলে ডিব্ৰুগড়ৰ এজন লোকে । সাঁচতীয়া দহ টকাৰ মুদ্ৰাৰে তেওঁ ক্ৰয় কৰিলে সপোনৰ চাৰিচকীয়া বাহন (Man purchased car by savings coins)। লোকজনৰ ধৈৰ্য্য আৰু মনৰ সাহসক সকলোৱে একেমুখে প্ৰশংসা কৰিলে ।
হয়, আচৰিত যেন লাগিলেও এয়াই সঁচা । চৰাইদেউ জিলাৰ সোণাৰিৰ ছাহিদুল হক নামৰ লোকজনে বহু দিন ধৰি ১০ টকীয়া মুদ্ৰা সঞ্চয় কৰি ৰাখিছিল । তেওঁৰ উদ্দেশ্য আছিল সপোনৰ বাহনখন ক্ৰয় কৰা । এখন বাহন ক্ৰয় কৰিবলৈ তেওঁৰ হাতত ধন নাছিল । সেয়ে নিজৰ উপাৰ্জনৰ পৰা নিতৌ তেনেদৰে ১০ টকীয়া মুদ্ৰা সঞ্চয় কৰি অৱশেষত তেওঁৰ হাতত জমা হৈছিল ১.৫০ লাখ টকা । সেই ধনেৰেই বাহনখন ক্ৰয় কৰিবলৈ তেওঁ ডিব্ৰুগড় কুমাৰনিছিগাস্থিত বৰা অটোমোবাইল শ্ব'ৰূমত উপস্থিত হয় ।
হাতত মুদ্ৰাভৰ্তি বস্তা লৈ তেওঁ উপস্থিত হয় শ্ব'ৰূমত । একেলগে ইমান পৰিমাণৰ মুদ্ৰা দেখি আচৰিত শ্ব'ৰূম কৰ্তৃপক্ষ । অৱশ্যে ছহিদুল হকক নিৰাশ নকৰিলে বৰা অটোমোবাইলে । তেওঁক বাহনখন দিয়াৰ সিদ্ধান্ত ল'লে শ্ব'ৰূমটোৰ কৰ্তৃপক্ষই (Man purchased car by savings 10 rupee coins)।