অসম

assam

ETV Bharat / state

এইবাৰ পাকঘৰত সোমাল বনৰজা - DIBRUGARH LEOPARD RECOVER ASSAM

ডিব্ৰুগড়ৰ চানমাৰিত বাঘৰ আতংক ৷ গৃহস্থৰ পাকঘৰত সোমাল বাঘ ৷

আক্ৰমণ চলালে যুৱকৰ ওপৰত

By

Published : Nov 14, 2019, 4:16 PM IST

Updated : Nov 14, 2019, 4:28 PM IST

ডিব্ৰুগড়, 14 নৱেম্বৰ: দিনক দিনে জনাঞ্চলত বৃদ্ধি পাইছেবাঘৰ আতংক ৷ এইবাৰডিব্ৰুগড়ৰ চানমাৰিত বাঘে চলালে তাণ্ডৱ ৷মেহতাব আহমেদ নামৰ এজন লোকৰ পাকঘৰত সোমাল বনৰজা ৷

বাসগৃহৰ ভিতৰত সোমাল বনৰজা

এমামুদ্দিন আহমেদনামৰ যুৱক এজনৰ ওপৰত আক্ৰমণ চলালে নাহৰফুটুকীটোৱে ৷ গুৰুতৰভাৱে আহত হৈছে যুৱকজন ৷ তীব্ৰ আতংকই বিৰাজ কৰিছে অঞ্চলবাসীৰ মাজত ৷

যুৱকৰ ওপৰত আক্ৰমণ নাহৰফুটুকীৰ

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ডিব্ৰুগড় চহৰত দুবাৰকৈ বাঘে চলাইছিল আতংক ৷ ডিব্ৰু ছৈখোৱাৰ পৰা অহা বন বিভাগৰ লোকে ট্ৰেংকুলাইজ কৰিছিল পূৰ্বৰ বাঘ দুটা ৷ আজি পুনৰ সংঘটিত হৈছে তৃতীয়টো ঘটনা ৷ বন বিভাগে জানিবলৈ দিয়া মতে এইবাৰ,বাঘটো নিয়ন্ত্ৰণ কৰিবলৈ কাজিৰঙাৰ পৰা অনা হ'ব বিশেষজ্ঞৰ দল ৷

ডিব্ৰুগড়ৰ চানমাৰিত বাঘৰ আতংক

লগতে পঢ়ক:ভক্তিবাদৰ ৰোষত ভুগিব লাগিব বিধায়ক পদ্ম হাজৰিকা!

Last Updated : Nov 14, 2019, 4:28 PM IST

ABOUT THE AUTHOR

...view details