মৰাণ, 20 জুন : ডিব্ৰুগড় জিলাৰ লেজাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । প্ৰেমিকাৰ ঘৰলৈ আহি শুকুৰবাৰে নিশাৰে পৰা সন্ধনহীন হৈ আছে এজন যুৱক । স্থানীয় লোকে জানিবলৈ দিয়া মতে লেজাইৰ দেৱান বাৰীৰ দিলিপ দাসৰ পুত্ৰ সৌৰভ দাস (২০) নামৰ যুৱকজনে শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত লেজাই দলংঘাটৰ প্ৰেমিকাৰ ঘৰলৈ এখন স্কুটি লৈ ওলাই আহিছিল ।
পৰৱৰ্তী সময়ত প্ৰেমিকাৰ পিতৃ ৰহিমুদ্দিন আলীয়ে প্ৰায় ১১ বজাত সৌৰভ দাসৰ ঘৰলৈ গৈ যুৱকজনে চেঁচা নৈত জাপ দিয়া বুলি খবৰ দিয়ে । ইয়াৰ পিছতে পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰ পৰিস্থিতি হয় ৷ নিশাই উক্ত ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে পৰিয়ালৰ লোকে। ইফালে শনিবাৰে পুৱাই লেজাইৰ অঞ্চলৰ প্ৰায় ডেৰ সহস্ৰাধিক লোক প্ৰেমিকাৰ পদূলিৰ সন্মুখত উপস্থিত হৈ যুৱকজনক হত্যা কৰি নদীত পেলাই দিয়াৰ অভিযোগ তুলি পৰিৱেশ উত্তাল কৰি তোলে ।