ডিব্ৰুগড়, 17 ডিচেম্বৰ : মঙলবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ন্যায়ালয়ৰ চৌহদত উকীল সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ নাগৰিকত্ব সংশোধনী আইনক উদ্দেশ্যি ডিব্ৰুগড়ৰ উকীল সন্থাই এক সংবাদমেলৰ আয়োজন কৰে ৷ ডিব্ৰুগড়ৰ উকীল সন্থাৰ সম্পাদক সত্যব্ৰত শৰ্মাই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আগবঢ়াই নিব বুলি সংবাদমেলত মন্তব্য কৰে । ডিব্ৰুগড় উকীল সন্থাৰ জেষ্ঠ অধিবক্তা তথা সম্পাদক অজিত বৰগোঁহাঞি আৰু বহু অধিবক্তা উপস্থিত থাকে ৷ সংবাদমেল যোগে সিদ্ধান্ত গ্ৰহণ কৰি সত্যব্ৰত শৰ্মাই কয় নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ হোৱা সকলক বিনামূলীয়াকৈ আইনী সহায় আগবঢ়াব আৰু আছুৰ আহ্বান ৰক্ষা কৰি ডিব্ৰুগড়ৰ আছুলৈ আন্দোলনৰ সহযোগিতাৰ অৰ্থে উকীল সন্থাৰ তৰফৰ পৰা 50 হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়াব ৷
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিব্ৰুগড় উকীল সন্থাৰ প্ৰতিবাদ - নাগৰিকত্ব সংশোধনী আইন
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিব্ৰুগড় উকীল সন্থাৰ প্ৰতিবাদ ৷ মঙলবাৰে ডিব্ৰুগড়ৰ ন্যায়ালয়ৰ চৌহদত সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন আগবঢ়াই নিব বুলি মন্তব্য উকীল সন্থাৰ সম্পাদক সত্যব্ৰত শৰ্মাৰ ৷
![নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিব্ৰুগড় উকীল সন্থাৰ প্ৰতিবাদ DIBRUGARH LAWYER ASSOCIATION PROTEST](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5400933-thumbnail-3x2-fgfgbvfd.jpg)
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ডিব্ৰুগড় উকীল সন্থাৰ প্ৰতিবাদ