অসম

assam

ETV Bharat / state

ৰাজ্যৰ ভিতৰত ক'ভিড আক্ৰান্ত জিলাৰ দ্বিতীয় স্থানত ডিব্ৰুগড় - ডাঃ গায়ত্ৰী গগৈ

ৰাজ্যৰ ভিতৰতে দ্বিতীয়খন সৰ্বাধিক ক'ভিড আক্ৰান্ত জিলাত পৰিণত হৈছে ডিব্ৰুগড় । বিগত দহ দিনত প্ৰতিদিনাই দৈনিক দুশৰ পৰা তিনিশ ব্যক্তি আক্ৰান্ত হৈছে ক'ভিড ১৯ত । এপ্ৰিল মাহতে জিলাখনত ২৭২২ গৰাকীলৈ বৃদ্ধি ক'ভিড ৰোগী । ১৯৩৫ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে । তদুপৰি হোম আইচ’লেশ্বনত আছে ১৭০৪ গৰাকী লোক।

ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থানত ক'ভিড আক্ৰান্ত জিলা হিচাপে পৰিণত ডিব্ৰুগড়
ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থানত ক'ভিড আক্ৰান্ত জিলা হিচাপে পৰিণত ডিব্ৰুগড়

By

Published : May 6, 2021, 7:54 AM IST

মৰাণ, 6 মে’: ৰাজ্যৰ ভিতৰতে দ্বিতীয়খন সৰ্বাধিক ক'ভিড আক্ৰান্ত জিলাত পৰিণত হৈছে ডিব্ৰুগড় । বিগত দহ দিনত প্ৰতিদিনাই দৈনিক দুশৰ পৰা তিনিশ গৰাকীকৈ ব্যক্তি ক'ভিড-১৯ত আক্ৰান্ত হৈছে । এপ্ৰিল মাহত জিলাখনত ২৭২২ গৰাকীলৈ ক'ভিড-19ত আক্ৰান্ত ৰোগী বৃদ্ধি পায় ।

সম্প্ৰতি জিলাখনত ১৯৩৫ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে । তদুপৰি ১৭০৪ গৰাকী ৰোগী হোম আইচ’লেশ্বনত আছে । হোম আইচ’লেশ্বনত থকা তিনি গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ পাছতে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লৈছে বুলি জানিব পৰা গৈছে ।

ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থানত ক'ভিড আক্ৰান্ত জিলাত পৰিণত ডিব্ৰুগড়

উল্লেখ্য যে, ক'ভিড পৰীক্ষাৰ অন্তত বহু লোকে ক'ভিড কেন্দ্ৰলৈ যোৱাৰ পৰিৱৰ্তে হোম আইচ’লেশ্বনত থকাৰ ইচ্ছা প্ৰকাশ কৰে । হোম আইচ’লেশ্বনত থকাৰ সময়ত উন্নত চিকিৎসা আৰু অক্সিজেনৰ যোগান বহুতৰ বাবে সম্ভৱপৰ হৈ নুঠাৰ বাবেই শোকাৱহ মৃত্যুক আঁকোৱালি লয় ।

এনে সময়ত ডিব্ৰুগড়ৰ প্ৰতিশ্ৰুতি কেঞ্চাৰ পেলিয়েটিভ ট্ৰাষ্টে আইছ'লেশ্যনত থকা ক'ভিড ৰোগীসকলক সহায়ৰ বাবে চিকিৎসা সেৱা আগবঢ়াইছে । আনহাতে, ডিব্ৰুগড় জিলাত ক'ভিড প্ৰতিষেধক লোৱাৰ পাছতো বহু লোক মহামাৰী কৰ’ণাত আক্ৰান্ত হৈছে । কৰ'ণা ৰোগৰ ক্ষেত্ৰত বিগত এটা বছৰ ধৰি চিকিৎসাৰ ক্ষেত্ৰত কাম কৰি অহা অসম চিকিৎসা মহাবিদ্যালয় জ্যেষ্ঠ অধ্যাপিকা ডাঃ গায়ত্ৰী গগৈয়ে কৰ’ণাৱ প্ৰতিষেধক লোৱা সকলৰ মৃত্যু ঘটা নাই বুলি উল্লেখ কৰিছে ৷

লগতে পঢ়ক : ডিব্ৰুগড়ৰ চাহ বাগিছাত কৰ'ণা দ্ৰুত সংক্ৰমণ

ABOUT THE AUTHOR

...view details