ডিব্ৰুগড়, 19 আগষ্ট: বিভিন্ন ঘটনা-পৰিঘটনাৰ অন্তত ক্ৰমাৎ হেৰাই যাবলৈ ধৰিছে বগলী, কণামুচৰি, হাড়গিলা আদিৰ দৰে চৰাই । আজিৰ প্ৰজন্মৰ বাবেই এই সমূহ চৰাই অপৰিচিত । এইসমূহ চৰাইৰ বাসস্থান কমি অহাৰ বাবেই আজিৰ দিনত ক্ৰমাৎ হেৰাই গৈছে বগলী, কণামুছৰি, হাড়গিলা চৰাই । কিন্তু ইয়াৰ মাজতে জাক জাক বগলী, কণামুচৰি, হাড়গিলা চৰাইৰ কলৰৱত মুখৰিত ডিব্ৰুগড়ৰ এখন গাঁও ।
ডিব্ৰুগড় জিলাৰ খোৱাং সোণোৱাল বঙালী গাঁওখন এতিয়া প্ৰকৃতিপ্ৰেমীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু পৰিছে ৷ পৃথিৱীৰ পৰা ক্ৰমাৎ লুপ্তপ্ৰায় বিভিন্ন প্ৰজাতিৰ বগলী, কণামুছৰি, হাড়গিলা আদিৰ এটা বৃহৎ জাকে গাঁওখনৰ বাঁহনিত আশ্ৰয় লৈ থকাত পুৱা-গধূলী মুখৰিত কৰিছে অঞ্চলটো ৷ বিগত বহু বছৰ ধৰি প্ৰতি বছৰে ছমাহৰ বাবে এই চৰাইবোৰে আশ্ৰয় গ্ৰহণ কৰি আহিছে গাঁৱখনৰ বাঁহনিখনত ।
বাঁহ আৰু বিভিন্ন গছ-গছনিত আশ্ৰয় লোৱা পক্ষীসমূহৰ ভিতৰত বগলীৰ সংখ্যাই বেছি ৷ গাঁৱবাসীয়ে এই পক্ষীসমূহক কোনো আমনি নকৰাত নিৰাপদে আশ্ৰয় লৈ বংশবৃদ্ধি কৰি আহিছে । শ শ বিভিন্ন প্ৰজাতিৰ পক্ষী বছৰৰ ছয়টা মাহ ইয়াত নিৰাপদে আশ্ৰয় লৈ পুনৰ অন্য প্ৰান্তলৈ উৰা মাৰে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ।