অসম

assam

ETV Bharat / state

লক ডাউনৰ সুবিধা লৈ ডিব্ৰুগড়ত পাচলিৰ চিণ্ডিকেট - ডিব্ৰুগড়ত আন্তঃজিলাৰ বৰ্ডা

ডিব্ৰুগড়ত আন্তঃজিলাৰ বৰ্ডাৰ চিল থকাৰ সময়তে কেনেকৈ নামনিৰ খৰুপেটীয়া আদিত উৎপাদন হোৱা পাচলি উভৈনদী হৈছে ডিব্ৰুগড় চহৰত। ৰাইজৰ বাবে এটা বৃহৎ সাথৰ ৷ আৰক্ষীৰ অজ্ঞাতে পাৰ হৈ যায় পাচলিৰ গাড়ী ৷

Dibrugarh illegal vegetable market
লক ডাউনৰ সুবিধা লৈ উজনি অসমত পাচলিৰ চিণ্ডিকেট

By

Published : Apr 20, 2020, 9:23 PM IST

ডিব্ৰুগড়,20 এপ্ৰিলঃ লক ডাউনৰ সুবিধা লৈ উজনি অসমত একাংশই চলাইছে পাচলিৰ চিণ্ডিকেট ৷ আৰক্ষীৰ চকুৰ সন্মুখতে চলাই আহিছে পাচলিৰ চিণ্ডিকেট ৷ নিশাৰ আন্ধাৰত নহয় দিন দুপৰতে উজনি অসমৰ বিভিন্ন প্ৰান্তত জব্দ হৈছে অবৈধ পাচলি কঢ়িওৱা গাড়ী ৷

লক ডাউনৰ সুবিধা লৈ উজনি অসমত পাচলিৰ চিণ্ডিকেট

স্থানীয় খেতিয়কসকলৰ বিশেষকৈ ডিব্ৰুগড়ত কোনো কৃষি ফাৰ্মতে জিকা,ভাত কেৰেলা,পটল আদি উৎপাদন হোৱা নাই যদিও ডিব্ৰুগড়ত আন্তঃজিলাৰ বৰ্ডাৰ চিল থকাৰ সময়তে কেনেকৈ নামনিৰ খৰুপেটীয়া আদিত উৎপাদন হোৱা পাচলি উভৈনদী হৈছে ডিব্ৰুগড় চহৰত। ৰাইজৰ বাবে এটা বৃহৎ সাথৰ ৷ আৰক্ষীৰ অজ্ঞাতে পাৰ হৈ যায় পাচলিৰ গাড়ী ৷ স্থানীয় খেতিয়ক সকলে পাচলি উৎপাদন নকৰাৰ পাচতো ডিব্ৰুগড়ত এতিয়া পাচলি উভৈনদী ৷ স্থানীয় ৰাইজৰ অভিযোগ পাচলিৰ এই ছিণ্ডিকেটৰ লগত একাংশ উচ্চপদস্থ আৰক্ষী বিষয়াৰ আশীৰ্বাদ আছে ৷

কাৰ ছত্ৰছায়াত ডিব্ৰুগড়ত প্ৰৱেশ ঘটিছে নিষিদ্ধ বহিঃ জিলাৰ ট্ৰাকে ট্ৰাকে পাচলি ? কেনেকৈ ডিব্ৰুগড়ৰ বজাৰত উভয়নদী হৈছে নামনিৰ খাৰুপেটীয়া আদি অঞ্চলত উৎপাদন হোৱা পাচলি ?? এই সম্পৰ্কত কিন্তু কোনো তথ্য নাই প্ৰশাসনৰ হাতত ৷ আৰক্ষীৰ চকুৰ সন্মুখেদি কেনেকৈ পাৰ হয় পাচলিৰ গাড়ী কোনেও নাজানে ৷

লগতে পঢ়ক-কৰ‘ণাতংকঃ 9 গৰাকী সাংবাদিকৰ স্বাস্থ্য পৰীক্ষা

ABOUT THE AUTHOR

...view details