ডিব্ৰুগড়, 3 অক্টোবৰঃ সমগ্ৰ দেশে গান্ধীজয়ন্তীৰ পৱিত্ৰ জন্ম দিনটোত স্বচ্ছতাৰ কাৰ্যসূচী চলাই থকাৰ সময়তেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম 'আজতকৰ' এক সমীক্ষাত দেশৰ ভিতৰতে কদৰ্য চহৰ হিচাপে প্ৰথম স্থান দখল কৰিলে মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰেই গৃহ চহৰখন এনেদৰে চুড়ান্তভাৱে অপৰিষ্কাৰ চহৰ হিচাপে দেশৰ ভিতৰতে দুৰ্নাম কঢ়িওৱা খবৰটোৱে ইতিমধ্যেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।
কদৰ্য্য চহৰৰ তালিকা দেশৰ ভিতৰত শীৰ্ষত ডিব্ৰুগড় - Dirtiest city list
গান্ধীজয়ন্তীৰ পৱিত্ৰ জন্ম দিনটোত স্বচ্ছতাৰ কাৰ্যসূচী চলাই থাকোতেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম 'আজতক'ৰ এক সমীক্ষাত দেশৰ ভিতৰতে কদৰ্য চহৰ হিচাপে প্ৰথম স্থান দখল কৰিলে মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ে ।
ইফালে বিজেপি নেতৃত্বাধীন দুৰ্নীতিত নিমজ্জিত ডিব্ৰুগড় পৌৰসভাৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি চহৰবাসীয়ে তীব্ৰ অভিযোগ উত্থাপন কৰি আছে যদিও চহৰখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাত কোনোকালেই মন নিদিয়াৰ ফলত একপ্ৰকাৰ এই দুৰ্নামে নজিৰবিহীনভাৱে আজি কালিমা সানিলে ডিব্ৰুগড়ৰ গৌৰৱউজ্বল ইতিহাসত । ইফালে এই ঘটনাৰ পাছতেই 11 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিচনাৰ ৰস্না জৈনে পদত্যাগ কৰে ৷
নিজ পৌৰসভাৰ বিৰুদ্ধেই লজ্জাবোধ, অৰ্কমণ্যতা আৰু অতিষ্ট হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি মন্তব্য কৰে নেত্ৰীগৰাকীয়ে ৷ মুখ্যমন্ত্ৰীৰ নেতৃত্বত স্বচ্ছতাৰ শ্লগান আওৰাই ৰাজ্যত মহাত্মা গান্ধীৰ 150 বছৰীয়া জন্মদিনটোত স্বচ্ছতাৰ কাৰ্যসূচী গ্ৰহণ কৰি থাকোতে ডিব্ৰুগড় পৌৰসভাৰ নিৰ্লজ্জ স্বৰূপ উন্মোচন হোৱা কাৰ্যত তীব্ৰ ক্ষোভ ব্যক্ত কৰে ৱাৰ্ড কমিচনাৰ গৰাকীয়ে ৷