অসম

assam

ETV Bharat / state

ক'ভিডৰ শৃংখল ভাঙিবলৈ ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ বিশেষ পদক্ষেপ - ক'ভিডৰ শৃংখল

ক'ভিডৰ শৃংখল ভাঙিবলৈ আৰু ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে নতুন কৌশল গ্ৰহণ কৰিছে ডিব্ৰুগড়ত স্বাস্থ্য বিভাগে ৷ বুধবাৰৰ পৰা ডিব্ৰুগড় স্বাস্থ্য বিভাগে হাতত লৈছে এই নতুন কাৰ্যসূচী ৷

ক'ভিডৰ শৃংখল ভাঙিবলৈ ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ বিশেষ পদক্ষেপ
ক'ভিডৰ শৃংখল ভাঙিবলৈ ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ বিশেষ পদক্ষেপ

By

Published : Jun 3, 2021, 7:25 AM IST

মৰাণ,3 জুন: ক'ভিডৰ শৃংখল ভাঙিবলৈ ডিব্ৰুগড়ত স্বাস্থ্য বিভাগৰ নতুন পদক্ষেপ ৷ বুধবাৰৰ পৰা ডিব্ৰুগড় স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে ক’ভিড শৃংখলা ভঙা আৰু ইয়াৰ সংক্ৰমণ ৰোধৰ বাবে তৃতীয় পৰ্যায়ৰ অসম সামূহিক তদাৰক নামেৰে এক কাৰ্যসূচী ৷

ডিব্ৰুগড় জিলাৰ মুঠ ২৩৪ টা উপকেন্দ্ৰৰ অধীনস্থ ১৩৬৯ খন গাঁও সামৰি স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে এই কাৰ্যসূচী ৷ সেই মৰ্মে একোজন চিকিৎসা বিষয়াৰ নেতৃত্বত সামূহিক স্বাস্থ্য বিষয়া, আশাকৰ্মী, এ.এন.এম, এম.পি.ডব্লিউ আদিক লৈ প্ৰতিটো ব্লকতে সামূহিক তদাৰকী গোট গঠন কৰা হৈছে । এই গোটত এজন লেবৰেটৰী টেকনিচিয়ানো অন্তভুক্ত কৰা হৈছে । তাৰোপৰি ৱাৰ্ড মেম্বাৰ, গাঁওবুঢ়া, অংগনৱাড়ী কৰ্মী আদিয়েও এই বিশেষ গোটসমূহক সহযোগিতা আগবঢ়াব ।

ক'ভিডৰ শৃংখলা ভাঙিবলৈ ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ বিশেষ পদক্ষেপ

উল্লেখ্য যে, সামূহিক তদাৰকী গোটে নিৰ্দিষ্ট গাঁওসমূহলৈ যোৱাৰ পূৰ্বে আশাকৰ্মীয়ে ঘৰে ঘৰে গৈ তদাৰকী গোটৰ পৰীক্ষাৰ সন্মুখীন হ'বলগীয়া লোকসকলৰ তালিকা যুগুতাই উলিয়াব । জ্বৰ, কাহ, মেলেৰিয়া, ডায়েৰিয়া, ডেংগী, একিউট এনকেফেলাইটিছ চিনড্ৰম আদি ৰোগত ভোগা লোকৰ নাম ইয়াত অন্তভুক্ত হ'ব আৰু সামূহিক তদাৰকী গোটে নিৰ্দিষ্ট গাঁওখনত গৈ তেওঁলোকৰ যাৱতীয় পৰীক্ষা কাৰ্য সম্পাদন কৰিব ।

ক'ভিডৰ শৃংখলা ভাঙিবলৈ ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ বিশেষ পদক্ষেপ

এই নিদিষ্ট গোটবোৰে ক'ভিড আক্ৰান্ত ৰোগী তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ লগতো মত বিনিময় কৰি বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াব । আনহাতে, চিকিৎসা বিষয়াৰ পৰামৰ্শৰ ভিত্তিত গোটত থকা লেবৰেটৰী টেকনিচিয়ানে গাঁওবাসী লোকৰ তেজ, স্বাৱ আদিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰো ব্যৱস্থা ল'ব ।

জিলাখনত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লোৱা হৈছে এই পদক্ষেপ ৷ এই ক্ষেত্ৰত ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক:ক’ভিডৰ যুঁজত হাতে-কামে লাগিছে বিধায়ক মানৱ ডেকা

ABOUT THE AUTHOR

...view details