অসম

assam

By

Published : Jan 11, 2020, 6:15 PM IST

ETV Bharat / state

ডিব্ৰুগড়ৰ জিলালৈ স্বচ্ছতাৰ ভিত্তিত দেশৰ ভিতৰত শ্ৰেষ্ঠ সন্মান

180 বছৰ পুৰণি ডিব্ৰুগড় পৌৰসভাই সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰি আঁজুৰিবলৈ সক্ষম হয় প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট খিতাপ । স্বচ্ছতাই সেৱা 2019ৰ অন্তৰ্গত এই বঁটা লাভ কৰিবলৈ সক্ষম হয় ডিব্ৰুগড় জিলাই ৷ ৰাজধানী দিল্লীত 12 জানুৱাৰীত উপায়ুক্তৰ হাতত বঁটাটি তুলি দিব বলীউডৰ জনপ্ৰিয় তাৰকা আমিৰ খানে ৷

ডিব্ৰুগড়
ডিব্ৰুগড়ে লাভ কৰে প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট খিতাপ

ডিব্ৰুগড়, 11 জানুৱাৰীঃ ভাৰত চৰকাৰৰ স্বচ্ছ ভাৰত আঁচনিৰ প্ৰভাৱ পৰিলক্ষিত হৈছে ডিব্ৰুগড়ত ৷ জিলাখনত আঁচনিখনৰ কৰ্মৰাজিৰ খতিয়ান ইতিমধ্যে তথ্য সহকাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকাশ পাইছে ৷ শনিবাৰে স্বচ্ছ ভাৰত অভিযান(গ্ৰাম্য)ৰ অধীনত ডিব্ৰুগড় জিলাক স্বচ্ছতাৰ ভিত্তিত দেশৰ ভিতৰতে শ্ৰেষ্ঠ জিলা হিচাপে বিবেচিত কৰা হয় । স্বচ্ছতাই সেৱা 2019 ৰ অন্তৰ্গত "প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট" শাখাত ডিব্ৰুগড়ে লাভ কৰে এই সন্মান ৷

ডিব্ৰুগড়ে লাভ কৰে প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট খিতাপ

180 বছৰ পুৰণি ডিব্ৰুগড় পৌৰসভাই সৰ্বকালৰ সকলো অভিলেখ ভংগ কৰি আঁজুৰিবলৈ সক্ষম হয় এই খিতাপ । উল্লেখ্য যে,বিজেপি নেতৃত্বাধীন পৌৰসভাখনৰ পূৰ্বতে পৌৰনেত্ৰী সোমা চক্ৰৱৰ্ত্তীৰ কাৰ্যকালত ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আজটকে এক সমীক্ষা চলাইছিল ৷ উক্ত সমীক্ষাত ডিব্ৰুগড় দেশৰ সবাতোকৈ কদৰ্য চহৰৰ তালিকাত আছিল ৷ ইয়াৰ পিছতে ডিব্ৰুগড় চহৰৰ বুকুত ৰৈ গৈছিল কদৰ্যৰ চেকা ৷

স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ ঘনিষ্ঠ পৌৰনেত্ৰীগৰাকীৰ বিৰুদ্ধে খোদ বিজেপি কৰ্মীয়ে দাখিল কৰিছিল অভিযোগ ৷ ফলত অনাস্থা প্ৰস্তাৱৰ জৰিয়তে ভংগ হৈছিল পৌৰসভাখন । কিন্তু শনিবাৰে ঘোষিত উক্ত বঁটাৰ পিছত ডিব্ৰুগড় জিলা প্ৰশাসনে পুনৰ হেৰুওৱা গৰিমা ঘূৰাই আনিবলৈ সক্ষম হয় । নেতৃত্বৰ বলিষ্ঠতা,কৰ্মদক্ষতাৰ গুণগত পৰিচয়ৰে চৰকাৰৰ স্বচ্ছতাৰ আঁচনিক সফল কৰি লাভ কৰে বঁটাটি ৷

দিল্লীত বঁটা প্ৰদান

বছৰৰ আৰম্ভণিতে লাভ কৰা এই খবৰে উৎসাহিত কৰিছে ডিব্ৰুগড়বাসীক ৷ এইক্ষেত্ৰত জিলা উপায়ুক্ত পল্লৱ গোপালা ঝা-ৰ কৰ্মদক্ষতাক সকলোৱে একেমুখে শলাগ লয় ৷ ৰাজধানী দিল্লীত 12 জানুৱাৰীত উপায়ুক্ত গৰাকীৰ হাতত বঁটাটি তুলি দিব বলীউডৰ জনপ্ৰিয় তাৰকা আমিৰ খানে ৷

লগতে চাওকঃ প্লাষ্টিকৰ প্ৰয়োগ হ্ৰাস কৰিবলৈ 'বাচন বেংক' স্থাপন মধ্য প্ৰদেশৰ বেতুল গাঁৱত

ABOUT THE AUTHOR

...view details