অসম

assam

ETV Bharat / state

ডিব্ৰুগড় খোৱাঙত হাহাকাৰ পৰিস্থিতি - assam news

পানী যোগানৰ বাবে মেচিন থাকিও দীৰ্ঘদিন ধৰি বিকল হৈ থকাৰ উজুহাতত পানী যোগান বন্ধ ৰাখিছে অপাৰেটৰে ৷

ডিব্ৰুগড় খোৱাঙত হাহাকাৰ পৰিস্থিতি

By

Published : Aug 10, 2019, 9:22 PM IST

ডিব্ৰুগড়,10 আগষ্টঃ ডিব্ৰুগড় খোৱাং উন্নয়ন খণ্ডৰ এলেকাৰ তথা খোৱাং গাঁও পঞ্চায়ত অন্তৰ্গত বোকাহোলা বৰবিল গাঁৱত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি ৷ বাৰিষাৰ বতৰতো পথৰাত চিৰাল ফাট মেলিবলৈ লোৱাত শংকিত হৈ পৰিছে কৃষীজীৱিসকল ৷ বিগত কেইবাদিনো ধৰি দি থকা প্ৰখৰ ৰ'দৰ বাবেই পথাৰত ভূই ৰুব পৰা নাই কৃষকসকলে ৷

আনহাতে, বৰবিলৰ কাষত থকা কৃষি ভূমিত খেতি কৰা কৃষক সকলে অভিযোগ কৰা অনুসৰি জলসিঞ্চন বিভাগে কৃষক সকলে যাতে সকলো সময়তে বিভিন্ন ধৰণৰ খেতিৰ যোগেদি স্বাৱলম্বী হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বৰবিলত কিছু বছৰৰ পূৰ্বে এটা পানী যোগান ধৰা মেচিন স্থাপন কৰে । মেচিনটোৰ যোগেদি কৃষি পথাৰত সময় মতে পানী যোগান ধৰি আহিছে যদিও বতৰ্মান পানী যোগান নধৰা অভিযোগ তুলিছে । তাৰোপৰি জনৈক বৰুৱা নামৰ অপাৰেটৰ জনে কৃষক সকলে পথাৰত পানী প্ৰয়োজনীয়তাৰ কথা কলেই মেচিন বিকলৰ অজুহাত দেখুৱাই তেওঁলোকক অকথ্য কথা শুনাই দায়িত্ব সামৰিবলৈ চেষ্টা কৰাৰো অভিযোগ তোলে ।

ডিব্ৰুগড় খোৱাঙত হাহাকাৰ পৰিস্থিতি

ABOUT THE AUTHOR

...view details