মৰাণ,8 ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ আবকাৰী বিভাগে জিলা খনত চলি থকা অবৈধ চুলাই লগতে অবৈধ দেশীয় মদৰ ব্যৱসায় বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও এই অবৈধ মদৰ ব্যৱসায় বন্ধ কৰিবলৈ আজি পৰ্যন্ত সক্ষম হোৱা নায় । বিশেষকৈ জিলাখনৰ গ্ৰাম্যাঞ্চল আৰু বাগিচা অঞ্চলত অবৈধ মদৰ ব্যৱসায় ভয়ানক ভাৱে বৃদ্ধি পাইছে । ফলত বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে অসামাজিক কাৰ্যসমূহো ।
ডিব্ৰুগড় জিলা আবকাৰী বিভাগে নষ্ট কৰিলে চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰী - ৰাজহুৱা অভিযোগৰ ভিত্তিত
ডিব্ৰুগড় জিলাৰ আবকাৰী বিভাগৰ এটা দলে এক ৰাজহুৱা অভিযোগৰ ভিত্তিত টিংখাঙৰ ন-পাম নলনী, ঘুগুলনী, ডিকচাম আদি এলেকাত অভিযান চলায় ৷ অভিযানকাৰী দলটোৱে বহু পৰিমানৰ চুলাই মদকে ধৰি মদ প্ৰস্তুতত ব্যৱহৃত সামগ্ৰী জব্দ কৰি সেইসমূহত সেই স্থানতে নষ্ট কৰে ৷
![ডিব্ৰুগড় জিলা আবকাৰী বিভাগে নষ্ট কৰিলে চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰী Dibrugarh Excise department spoil local wine](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9811899-345-9811899-1607440546285.jpg)
ডিব্ৰুগড় জিলা আবকাৰী বিভাগে নষ্ট কৰিলে ২২০ লিটাৰ চুলাই মদ প্ৰস্তুত কৰা সামগ্ৰী
আজি ডিব্ৰুগড় জিলাৰ আবকাৰী বিভাগৰ এটা দলে এক ৰাজহুৱা অভিযোগৰ ভিত্তিত টিংখাঙৰ ন-পাম নলনী, ঘুগুলনী, ডিকচাম আদি এলেকাত অভিযান চলায় ৷ অভিযানকাৰী দলটোৱে বহু পৰিমানৰ চুলাই মদকে ধৰি মদ প্ৰস্তুতত ব্যৱহৃত সামগ্ৰী জব্দ কৰি সেইসমূহত সেই স্থানতে নষ্ট কৰে ৷ ডিব্ৰুগড় আবকাৰী বিভাগে ৰাইজকো অভিযানৰ সময়ত সহায় কৰিবলৈ আহ্বান জনাইছে, যাতে সমাজৰ পৰা এই সমূহ নাইকীয়া কৰিব পাৰে।
লগতে পঢ়কঃ কৃষি আইন বাতিলৰ দাবীত ৰাজ্যজুৰি ভাৰত বন্ধৰ সমৰ্থন