অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত পুনৰ হাতীৰ মৃত্যু, এমাহত মৃত্যু 5 টা হাতীৰ

ডিব্ৰুগড়ৰ মেডেলা বনাঞ্চলৰ সমীপৰ কলাখোৱাত পুনৰ এজনী বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ । ডিব্ৰুগড়ত এমাহত বৰ্তমানলৈ 5 টা বনৰীয়া হাতীৰ মৃত্যু

By

Published : Nov 25, 2019, 3:56 PM IST

Updated : Nov 25, 2019, 5:04 PM IST

ডিব্ৰুগড়ত পুনৰ হাতীৰ মৃত্যু

ডিব্ৰুগড়,25 নৱেম্বৰ :পুনৰ বন্যহস্তীৰ মৃত্যু ডিব্ৰুগড়ত । ডিব্ৰুগড়ত প্ৰায় এটা মাহত 5 টাকৈ বনৰীয়া হাতীৰ মৃত্যু । একেটা অঞ্চলতে ইটোৰ পাছত সিটো হাতীয়ে মৃত্যুক সাৱতিছে । সোমবাৰে ডিব্ৰুগড়ৰ মেডেলা বনাঞ্চলৰ সমীপৰ কলাখোৱাত পুনৰ এজনী বন্য হস্তীৰ মৃতদেহ উদ্ধাৰ । খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কলাখোৱা মিচিং পানী গাঁৱত এজনী ৬ বছৰীয়া বন্যহস্তীৰ মৃত্যু হৈছে । কিন্তু বৰ্তমানলৈ জানিব পৰা হোৱা নাই হাতীজনীৰ মৃত্যুৰ কাৰণ । পথাৰলৈ পকা ধান খাবলৈ ওলাই অহা হাতীজনীৰ দেওবাৰে নিশা মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে । হাতীজনীৰ মৃত্যু সম্পৰ্কে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব বুলি উল্লেখ কৰে বন বিভাগে ।

ডিব্ৰুগড়ত পুনৰ হাতীৰ মৃত্যু

উল্লেখ্য যে, কিছুদিন ধৰি লেজাই কলাখোৱা অঞ্চলত এজাক বনৰীয়া হাতীয়ে ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰি আহিছে । যাৰ বাবে প্ৰায়ে পথাৰত হাতীৰ মৃত্যু হৈ অহাৰ লগতে বিগত এটা মাহৰ ভিতৰতে 5 টা হাতীয়ে ৰহস্যজনক ভাৱে মৃত্যুক ঘটিছে ৷ ইয়াৰে অধিকাংশই বিদ্যুৎপৃষ্ট হৈ মৃত্যু মুখত পৰিছে । তেনে সময়তে পুনৰ এজনী হাতীৰ ৰহস্যজনক ভাৱে মৃত্যু হোৱাৰ পাচতো বন বিভাগে এইবাৰো মাত্ৰ আনুসাংগিক দায়িত্ব পালনতে নিজৰ দায়িত্ব সামৰে । ইয়াৰ পূৰ্বে ডিব্ৰুগড়ত 1 নবেম্বৰত দুজনী হাতীৰ কৰুণ মৃত্যু ঘটিছিল ।

লগতে পঢ়ক: মৰিয়নীত বন্য হস্তীৰ আক্ৰমণঃ আহত বন কৰ্মী

Last Updated : Nov 25, 2019, 5:04 PM IST

ABOUT THE AUTHOR

...view details