মৰাণ,১৯ অক্টোবৰ :দুৰ্নীতিৰ বিৰুদ্ধে শূণ্যসহনশীল নীতি গ্ৰহণ কৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে । যাৰ ফলস্বৰূপে ইজনৰ পাছত সিজন দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী আৰক্ষীৰ জালত পৰিছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) নেতৃত্বাধীন বিজেপি চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ৰাজ্যৰ বিভিন্ন স্থানত নিতৌ গ্ৰেপ্তাৰ হৈছে দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া-কৰ্মচাৰী (Vigilance and Anti Corruption Assam) ৷
শেহতীয়াভাৱে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ অভিযানত ইজৰ পাছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে । কিন্তু তাৰ মাজতো লোভ কমা নাই বিষয়া-কৰ্মচাৰীৰ । টেবুলৰ তলেৰে ধন লোৱা অব্যাহত ৰাখিছে বিষয়া-কৰ্মচাৰীয়ে ।
সমান্তৰালকৈ দালালৰাজো অব্যাহত আছে বিভিন্ন চৰকাৰী কাৰ্যালয়ত । এইবাৰ ৭০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল দালালসহ চৰকাৰী কৰ্মচাৰী (DTO office Jr Assistant arrested)। ডিব্ৰুগড়ৰ পৰিবহণ বিষয়া কাৰ্যালয়ত অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই অভিযান চলাই গ্ৰেপ্তাৰ কৰে দালালসহ কনিষ্ঠ সহায়কক । বুধবাৰে আৰক্ষীয়ে উৎকোচ লোৱাৰ অভিযোগত হাতে-লোটে গ্ৰেপ্তাৰ কৰে দালাল পংকজ শইকীয়া আৰু কনিষ্ঠ সহায়ক দিতিমণি গগৈক । এই ঘটনাৰ পাছত জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।