মৰাণ, 31 মে’: আজি বিশ্ব ধপাত বিৰোধী দিৱস ৷ কিন্তু তথাপিও আমাৰ সমাজত নাই ধপাত বিৰোধী সজাগতা ৷ ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ চৰকাৰত স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ সময়তে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল ধপাত বিৰোধী বিশেষ আইন । ৰাজ্যখনত ধপাত আৰু নিকটিনযুক্ত জৰ্দা, গুটখা, পাণমছলা আদিৰ বাণিজ্য, মজুত আৰু বিতৰণৰ লগতে ধপাতৰ ব্যৱসায় সম্পৰ্কীয় সকলো ধৰণৰ বিজ্ঞাপন নিষিদ্ধ কৰা হৈছিল ।
ডিব্ৰুগড়ৰ এগৰাকী চিকিৎসকে এই দিৱস উপলক্ষে কয় যে, সমাজত ধপাতৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ বাবে এই দিৱস পালন কৰা হয় ৷ এই দিৱসৰ উদ্দেশ্য হৈছে ধপাতমুক্ত সমাজ গঢ়ি তোলা ৷ সমাজত ধপাত, ড্ৰাগছৰ প্ৰচলন বৃদ্ধি হৈ আছে ৷ পুৰুষৰ লগতে মহিলাও ধপাতৰ অনৈতিক কাৰ্যত লিপ্ত হৈছে ৷ ধপাত সমাজৰ সকলো স্তৰতে শিপাই গৈছে ৷