টিংখাং,7 ফেব্ৰুৱাৰীঃ টিংখাঙৰ ৰাজগড়ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু মৰাণত উপ-কোষাগাৰ স্থাপনৰ দাবী ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ ৷ ডিব্ৰুগড় জিলাৰ প্ৰাথমিক শিক্ষা বিভাগৰ অন্তৰ্গত জয়পুৰ শিক্ষা খণ্ডৰ দ্বাৰা টিংখাং আৰু খোৱাঙকে ধৰি প্ৰায় চাৰিশৰো অধিক প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় জয়পুৰ খণ্ডৰ দ্বাৰা পৰিচালিত হৈ আছে ৷ যাৰ ফলত বিদ্যালয়সমূহৰ পৰিচালনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷ সেয়েহে জয়পুৰ প্ৰাথমিক শিক্ষা খণ্ডই টিংখাং,ৰাজগড়,খোৱাং আদি সামৰি লোৱা শিক্ষা খণ্ডটো টিংখাঙৰ ৰাজগড়ত স্থাপন কৰিবলৈ জিলা কৰ্মচাৰী পৰিষদে দাবী উত্থাপন কৰিছে ৷
বিধায়ক বিমল বৰালৈ স্মাৰক পত্ৰ ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ - Dibrugarh district employee commission news
জয়পুৰ প্ৰাথমিক শিক্ষা খণ্ডই টিংখাং,ৰাজগড়,খোৱাং আদি সামৰি লোৱা শিক্ষা খণ্ডটো টিংখাঙৰ ৰাজগড়ত স্থাপন কৰাৰ লগতে মৰাণত এটা উপ-কোষাগাৰ স্থাপন কৰাৰ বাবে আবেদন জনায় টিংখাং সমষ্টিৰ বিধায়ক তথা বিজেপি বিধায়িনী দলৰ সচিব বিমল বৰাক ।
বিধায়ক বিমল বৰালৈ স্মাৰক পত্ৰ ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ
ইয়াৰ উপৰিও মৰাণত এটা উপ কোষাগাৰ স্থাপন কৰাৰ বাবেও কৰ্মচাৰী পৰিষদৰ সদস্যসকলে আবেদন জনায় টিংখাং সমষ্টিৰ বিধায়ক তথা বিজেপি বিধায়িনী দলৰ সচিব বিমল বৰাক । পৰিষদৰ সম্পাদক অনিল প্ৰসাদ সিংহৰ নেতৃত্বত অহা এটা দলে বিধায়কগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰে ৷ লগতে আগন্তুক বিধানসভা অধিৱেশনত বিষয়টো উত্থাপন কৰিবলৈ বিধায়ক গৰাকীক আহ্বান জনায় কৰ্মচাৰী পৰিষদৰ দলটোৱে ৷
লগতে পঢ়ক-বাৰেৰহণীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু কোকৰাঝাৰবাসী