ডিব্ৰুগড়, ১৮ এপ্ৰিল: অসমৰ ক'ভিড পৰিস্থিতিয়ে ক্ৰমাৎ জটিলতাৰ দিশে গতি কৰিছে । প্ৰতি মুহুৰ্ততে ক'ভিড সংক্ৰমণ বৃদ্ধি পোৱাত সৰ্বসাধাৰণ ৰাইজ শংকিত হৈ পৰাৰ লগতে চৰকাৰো চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসনে টাস্ক ফৰ্চ গঠন কৰিছে । জিলাখনত ক'ভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সংক্ৰমণ প্ৰতিৰোধৰ পদক্ষেপ হিচাপে লগতে ক'ভিড-১৯ প্ৰতিৰোধ সম্পৰ্কীয় নিয়মাৱলী সমূহ পালন কৰাৰ দিশ সমূহ নিৰীক্ষণ কৰাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা এই টাস্ক ফৰ্চ গঠন কৰা হয় ।
জানিব পৰা মতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত তথা অধ্যক্ষ, ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ অধীনত জিলা প্ৰশাসনে জিলাখনৰ প্ৰত্যেক ৰাজহ চক্ৰৰ অৰ্ন্তগত একোখনকৈ টাস্ক ফৰ্চ গঠন কৰি দিছে । এই টাস্ক ফৰ্চত জিলা প্ৰশাসনৰ বিষয়া, আৰক্ষী বিভাগ আৰু জিলাখনৰ পৌৰসভা বা নগৰ সমিতিৰ সদস্যসকল অন্তৰ্ভুক্ত হ'ব ।