অসম

assam

ETV Bharat / state

এইবাৰ জানমনিলৈ তাঁতৰশাল আগবঢ়ালে ডিব্ৰুগড়ৰ জিলা প্ৰশাসনে - ডিব্ৰুগড় জিলা প্ৰশাসন

বুধবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা জামিৰা সাপেখাটী ঘগৰা গাঁৱৰ শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া জানমণি গগৈৰ পৰিয়াললৈ প্ৰদান কৰে এখন তাঁতশাল । হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহযোগত জানমণি গগৈৰ পৰিয়ালক প্ৰদান কৰে তাঁতাশালখন ।

ডিব্ৰুগড়
ডিব্ৰুগড়ৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জানমনিৰ পৰিয়াললৈ তাঁতশালৱ প্ৰদান

By

Published : May 13, 2020, 7:49 PM IST

ডিব্ৰুগড়, ১৩ মে': ডিব্ৰুগড় জিলা প্ৰশাসনৰ তৰফৰ পৰা বুধবাৰে জিলাখনৰ জামিৰা সাপেখাটী ঘগৰা গাঁৱৰ জানমণি গগৈক এখনি তাঁতশাল প্ৰদান কৰা হয় ৷ উল্লেখ্য যে, ই টিভি ভাৰতৰ যোগেদি প্ৰথম, পিতৃৰ অসুস্থতাৰ বাবে ডিব্ৰুগড়ৰ এক অতি দৰিদ্ৰ পৰিয়ালৰ জানমণি গগৈয়ে শাক-পাচলি বিক্ৰী কৰি জীৱিকা অৰ্জন কৰাৰ তথ্য প্ৰকাশ হোৱাৰ পিছতে বুধবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনে হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহযোগত জানমণি গগৈক এই তাঁতশালখন প্ৰদান কৰে ৷

ডিব্ৰুগড়ৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জানমনিৰ পৰিয়াললৈ তাঁতশালৱ প্ৰদান

ডিব্ৰুগড়ৰ নিবাৰ্চনী বিষয়া ৰুণাভ ৰামচিয়াৰী আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সহকাৰী সঞ্চালক গুঞ্জন কলিতা, ডিব্ৰুগড়ৰ জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়া জানমণিৰ ঘৰত উপস্থিত হৈ প্ৰায় বিশহাজাৰ টকা মূল্যৰ উন্নত মানৰ তাঁতশালখন ফ্ৰেম আৰু অন্যান্য সা-সঁজুলিসহ জানমণিৰ পৰিয়ালক হস্তান্তৰ কৰে ৷

ডিব্ৰুগড়ৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা জানমনিৰ পৰিয়াললৈ তাঁতশালৱ প্ৰদান

উল্লেখ্য যে, এই পৰিয়ালটোৰ অভাৱগ্ৰস্ততাৰ বিষয়ে বাতৰি কাকতত প্ৰকাশ হোৱাৰ পিছতে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশমৰ্মে নিবাৰ্চনী বিষয়া ৰুণাভ ৰামচিয়াৰীয়ে জিলা প্ৰশাসনৰ হৈ পৰিয়ালটোৰ প্ৰয়োজন সন্দৰ্ভত বুজ লোৱাৰ বাবে সাক্ষাৎ কৰিছিল ৷ সেই সময়ত তেওঁলোকে জীৱিকা আৰ্জনৰ বাবে কৃষি, মীন বা হস্ততাঁত বিভাগৰ পৰা কোনো সুবিধা লাভ কৰিলে তেওঁলোকৰ বাবে সহায়ক হ'ব বুলি উল্লেখ কৰাৰ ফলতে প্ৰশাসনৰ তৰফৰ পৰা পৰিয়ালটোক তাঁতশালখন যোগান ধৰা হয় ৷ উল্লেখ্য যে জানমণি গগৈৰ মাতৃয়ে পূবৰ্তে বোৱা-কটাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে আৰু বৰ্তমানেও তেওঁ মাজে সময়ে কাপোৰ বৈ দুপইচা অৰ্জন কৰি আছে বুলি আজি জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

...view details