অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন - undefined

ডিব্ৰুগড়ত উদযাপন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত মুঠ ১.৬৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এটা ই ভি এম ৱেৰ হাউছৰ শুভ উদ্বোধন কৰে ৷

Dibrugarh district administration celebrated National Voter Day
ডিব্ৰুগড়ত উদযাপন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস

By

Published : Jan 25, 2021, 8:15 PM IST

ডিব্ৰুগড়, 25 জানুৱাৰী : সোমবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে সোমবাৰে ডিব্ৰুগড় জিলাতো, ডিব্ৰুগড় জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন কৰা হয় ৷ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত মুঠ ১.৬৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এটা ই ভি এম ৱেৰ হাউছৰ শুভ উদ্বোধন কৰে ৷ তাৰ পিছতেই নৱ-নিৰ্মিত ই ভি এম ৱেৰ হাউছত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে এখনি সভা অনুষ্ঠিত কৰা হয় ৷

ডিব্ৰুগড়ত উদযাপন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস

এই অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা, সুশান্ত কুমাৰ দত্ত , ডিপু কুমাৰ ডেকা, ডিব্ৰুগড়ৰ নিৰ্বাচনী বিষয়া হৃষীকেশ বৰুৱা, ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱা, লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা ইন্দ্ৰ গগৈ, বি এল অ'সকলৰ লগতে বহুকেইগৰাকী নতুনকৈ নাম পঞ্জীয়ন হোৱা ভোটাৰ উপস্থিত থাকে ৷

ডিব্ৰুগড়ত উদযাপন ৰাষ্ট্ৰীয় ভোটাৰ দিৱস

এই সভাতে নতুনকৈ ভোটাৰ তালিকাত নাম পঞ্জীয়ন হোৱা ভোটাৰ সকলক জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা একোখনি প্ৰমাণ পত্ৰও প্ৰদান কৰা হয় ৷ উল্লেখ্য যে, সোমবাৰে উদযাপন কৰা ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি উপায়ুক্ত কাৰ্যালয়ৰ পৰা পুৱাৰ ভাগত এক সজাগতা ৰেলীও উলিওৱা হয় ৷

লগতে পঢ়ক :উলেমা কাউন্সিল-বিজেপিৰ সম্পৰ্কক লৈ কি ক’লে মমিনুল আৱালে ?

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details