অসম

assam

ETV Bharat / state

62 nd teachers day: ডিব্ৰুগড়ৰ 12 গৰাকী শিক্ষকলৈ জিলা প্ৰশাসনৰ কৃতী শিক্ষকৰ বঁটা

শিক্ষক দিৱসৰ দিনটোত ডিব্ৰুগড়ত 12 জন শিক্ষকক প্ৰদান কৰা হয় কৃতী শিক্ষকৰ বঁটা ৷ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় সাংস্কৃতিক কাৰ্যসূচীৰ ৷

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 7:57 AM IST

Kriti Shikshak Awards
ডিব্ৰুগড় জিলা প্ৰশাসনে 12 গৰাকী শিক্ষকলৈ আগবঢ়ায় কৃতী শিক্ষক বটাঁ

ডিব্ৰুগড় জিলা প্ৰশাসনে 12 গৰাকী শিক্ষকলৈ আগবঢ়ায় কৃতী শিক্ষক বঁটা

ডিব্ৰুগড়, 6 ছেপ্টেম্বৰ: ভাৰতৰ প্ৰখ্যাত দাৰ্শনিক তথা দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ড৹ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে সমগ্ৰ দেশতে পালন কৰা হয় । শিক্ষাৰ্থীসকলৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত শিক্ষকসকলৰ অক্লান্ত প্ৰচেষ্টা আৰু অমূল্য অৱদানক সন্মান আৰু প্ৰশংসা কৰাৰ বাবে উৎসৰ্গিত কৰা হয় এই দিনটো ৷ ডিব্ৰুগড়তো বিভিন্ন চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান, বিদ্যালয় মহাবিদ্যালয় আদিত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় শিক্ষক দিৱস ।

ইয়াৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত 62 সংখ্যক কেন্দ্ৰীয় শিক্ষক দিৱস জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় । জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া বিন্তী শৰ্মাই । জিলা আয়ুক্ত কৈৰীয়ে ভাষণ প্ৰসংগত কয়, "শিক্ষকসকল সদায় নিকা, দক্ষ, সাহসী, বুধিয়ক, প্ৰেৰণাদায়ক আৰু প্ৰজ্ঞা সাধক হোৱাটো বাঞ্চনীয় । শিক্ষকসকলক আমিও শ্ৰদ্ধা আৰু সন্মান কৰো ।"

শিক্ষক দিৱস উপলক্ষে প্ৰতিগৰাকী শিক্ষকলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে জিলা আয়ুক্ত কৈৰীয়ে । অনুষ্ঠানত চাবুৱাৰ বিধায়ক পোনাকন বৰুৱা, জিলা উন্নয়ন আয়ুক্ত জিতু কুমাৰ দাসেও শিক্ষক দিৱস উপলক্ষে তত্বগধুৰ বক্তব্য প্ৰদান কৰে । অনুষ্ঠানত প্ৰাক্তন সাংবাদিক, নিবন্ধকাৰ তথা আমোলাপট্টী মধ্য অসমীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন ফুকনসহ ডিব্ৰুগড় জিলাখনৰ প্ৰাথমিক, মধ্য ইংৰাজী, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিককে ধৰি মুঠ 12 গৰাকী শিক্ষকক প্ৰদান কৰা হয় কৃতি শিক্ষকৰ বঁটা ।

শিক্ষক দিৱসৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হয় সাংস্কৃতিক কাৰ্যসূচীৰ ৷

লগতে পঢ়ক:Himanta Biswa sarma slammed the Opposition:‘ভাৰত’ৰ সমৰ্থনত যুযুধান ৰূপত হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details