অসম

assam

ETV Bharat / state

ছাত্ৰ-ছাত্ৰী ক’ভিড আক্ৰান্ত হ’লে বিশেষ ব্যৱস্থা ল’ব ডিব্ৰুগড় জিলা প্ৰশাসনে - ডিব্ৰুগড়

ডিব্ৰুগড়ৰ জকাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী ক’ভিড-19ত আক্ৰান্ত হোৱাৰ পাচতে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ মন্তব্য ৷ যদিহে স্কুলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হয়,তেন্তে এই বিষয়ত চৰকাৰৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জিলা উপায়ুক্তই জানিবলৈ দিয়ে ৷

Dibrugarh deputy commissioner react on student covid positive
এগৰাকী ছাত্ৰী ক’ভিড-19ত আক্ৰান্তক লৈ জিলা উপায়ুক্তৰ মন্তব্য়

By

Published : Oct 2, 2020, 8:37 PM IST

মৰাণ, 2 অক্টোবৰ: পুনৰ বিদ্য়ালয়ৰ পাঠদান আৰম্ভ হোৱাৰ পাচতে 30 ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ জকাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ দেহত ধৰা পৰিছে ক'ভিড-19ৰ অৱস্থিতি ৷ ঘটনাক লৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱকসকলো শংকিত হৈ পৰিছে ৷

বৃহস্পতিবাৰে মৰাণৰ এক অনুষ্ঠানত ভাগ ল’বলৈ গৈ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সাংবাদিকৰ আগত কয় যে,‘‘ক'ভিড সম্পৰ্কীয় সকলো বিষয়ত প্ৰশাসনে চকু দি আছে । শেহতীয়াকৈ তিনিদিনত ডিব্ৰুগড়ত 13 হাজাৰ টেষ্ট সম্পন্ন কৰা হৈছে । স্কুল খোলাক লৈ কোনেও ভয় কৰিব নালাগে । যদিহে স্কুলত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হয়,তেতিয়া এই বিষয়ত চৰকাৰৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব’’।

এগৰাকী ছাত্ৰী ক’ভিড-19ত আক্ৰান্তক লৈ জিলা উপায়ুক্তৰ মন্তব্য়

সম্প্ৰতি ছাত্ৰী গৰাকীক জিলাখনৰ বৰবৰুৱা প্ৰাথমিক স্বাস্থ্য বিভাগৰ উদ্যোগত হোম কোৱাৰেণ্টাইনত ৰখা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক:ৰাজ্যজুৰি অব্যাহত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details