অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধিৰ সন্দৰ্ভত ব্যৱসায়ী সন্থাৰ সৈতে ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক - ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত

বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত উপস্থিত থাকে জিলাখনৰ ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিসকল । জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত মূল্যবৃদ্ধিৰ সন্দৰ্ভত আলোচনা কৰা হয় ।

Dibrugarh Deputy commissioner holds meeting with business association
মূল্যবৃদ্ধিৰ সন্দৰ্ভত ব্যৱসায়ী সন্থাৰ সৈতে ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক

By

Published : May 28, 2021, 12:23 PM IST

মৰাণ, ২৮ মে': ক'ভিড-১৯ আৰু সান্ধ্য আইনৰ বাবে ৰাজ্যত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য । ফলত হাৰাশাস্তি ভূগিবলগীয়া হৈছে সাধাৰণ ৰাইজে । ৰাজ্যৰ আন আন ঠাইৰ সমান্তৰালকৈ ডিব্ৰুগড়তো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ।

মূল্যবৃদ্ধিৰ সন্দৰ্ভত ব্যৱসায়ী সন্থাৰ সৈতে ডিব্ৰুগড় প্ৰশাসনৰ বৈঠক

সেয়ে মূল্যবৃদ্ধি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰাৰ বাবে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ ব্যৱসায়ী সন্থাৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ফল-মূল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ পাইকাৰী ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে । উক্ত বৈঠকত বৰ্তমান অত্যৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত মজুতকৰণ আৰু ইয়াৰ মূল্য সৰ্ম্পকে উপায়ুক্তগৰাকীয়ে বুজ লয় ।

এই সংকটৰ সময়ছোৱাত সকলোকে সেৱাৰ মনোভাৱেৰে কাম কৰি যাবলৈ আহ্বান জনায় । লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যাতে মূল্যবৃদ্ধি নহয় আৰু ৰাইজে যাতে সামগ্ৰীসমূহ উচিত মূল্যত লাভ কৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে । এই বৈঠকত অতিৰিক্ত উপায়ুক্ত ৰাজীৱ থাপা আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলো উপস্থিত থাকে ।

লগতে পঢ়ক:নিজ ৰাজ্যলৈ উভতিল অসমত আশ্ৰয় লোৱা পশ্চিমবংগৰ লোকসকল

ABOUT THE AUTHOR

...view details