ডিব্ৰুগড়, 4 জুন : ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই বৃহস্পতি বাৰে এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰে ৷ এই সভাত অটল মিছন ফৰ ৰিজুভেনেশ্যন এণ্ড আৰবান ট্ৰান্সফৰ্মেচন ( AMRUT) আঁচনিৰ অধীনত ডিব্ৰুগড় চহৰৰ বাবে হাতত লোৱা ডিব্ৰুগড় টাউন পানী যোগান প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ লয় উপায়ুক্তগৰাকীয়ে ৷
অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ, AMRUTৰ বিষয়ববীয়াসকলৰ লগতে ৰেল বিভাগ,অসম শক্তি বিতৰক কোম্পানী লিমিটেডৰ বিষয়াসকলৰ উপস্থিতিত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত ডিব্ৰুগড় টাউন পানী যোগান প্ৰকল্পৰ নক্সা চূড়ান্ত কৰা,ৰেল বিভাগ, জলসম্পদ আদি সংশ্লিষ্ট বিভাগৰ পৰা আপত্তিবিহীন প্ৰমাণপত্ৰ সংগ্ৰহ কৰা আদি বিষয় সন্দৰ্ভত আলোচনা কৰা হয় ৷