অসম

assam

ETV Bharat / state

ক'ভিড ১৯ সম্পৰ্কে বৈঠক ডিব্ৰুগড়ৰ উপায়ুক্তৰ - অতিৰিক্ত উপায়ুক্ত তপন কুমাৰ গোঁহাই

ক'ভিড ১৯ সম্পৰ্কে স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু বিষয়াৰ লগত ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ বৈঠক ৷ ক'ভিড ভয়াৱহতাৰ সৈতে যুঁজ দিবলৈ ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাই আয়োজন কৰে এই বৈঠকৰ ৷

ক'ভিড ১৯ সৰ্ম্পকে চিকিৎসক আৰু স্বাস্থ্য বিষয়াৰ সৈতে বৈঠক ডিব্ৰুগড়ৰ উপায়ুক্ত
dibrugarh dc meet medical officers

By

Published : Apr 20, 2021, 10:54 PM IST

Updated : Apr 21, 2021, 6:09 AM IST

ডিব্ৰুগড়,20 এপ্ৰিল:ৰাজ্যৰ ভিতৰত গুৱাহাটীৰ পাছতে ডিব্ৰুগড়ত ক'ভিড আক্ৰান্তৰ সংখ্যা ভয়ানক ভাৱে বৃদ্ধি পাইছে । ক'ভিড ভয়াৱহতাৰ সৈতে যুঁজ দিবলৈ তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । আজি ডিব্ৰুগড় উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত ক'ভিড ১৯ সম্পৰ্কে স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু বিষয়াসকলৰ লগত এখনি বৈঠক অনুষ্ঠিত হয় ।

ক'ভিড ১৯ সম্পৰ্কে চিকিৎসক আৰু স্বাস্থ্য বিষয়াৰ সৈতে বৈঠক ডিব্ৰুগড়ৰ উপায়ুক্তৰ

উক্ত বৈঠকত উপায়ুক্তগৰাকীয়ে জিলাখনৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহৰ চিকিৎসক সকলক ক'ভিড-১৯ সংক্ৰমণ প্ৰতিৰোধৰ বাবে টেষ্টিং, কনটেক্ট ট্ৰেচিংৰ লগতে হোম আইচলেচনত থকা ৰোগীসকলৰ বিতং তথ্যৰ উপৰিও তেখেতেসকলক লাগতিয়াল ঔষধ আদি যোগান ধৰাৰ ক্ষেত্ৰত চিকিৎসকসকলক গুৰুত্ব আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে ।

লগতে উপায়ুক্ত গৰাকীয়ে চিকিৎসকসকলৰ পৰা জিলাখনৰ সকলো স্বাস্থ্য কেন্দ্ৰসমূহত ক'ভিড ৰোগীৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত যাবতীয় সা-সুবিধাৰ লগতে চিকিৎসাৰ অন্যান্য দিশসমূহৰ বিষয়ে বুজ লয় । উক্ত বৈঠক খনত অতিৰিক্ত উপায়ুক্ত তপন কুমাৰ গোঁহাই আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকো উপস্থিত থাকে ।

লগতে পঢ়ক :প্ৰমোদ বড়োৱে গ্ৰহণ কৰিলে ক’ভিড ভেকচিন

Last Updated : Apr 21, 2021, 6:09 AM IST

ABOUT THE AUTHOR

...view details