অসম

assam

ETV Bharat / state

Sarita Toshniwal case verdict : সৰিতা হত্যাকাণ্ডত দোষী সাব্যস্ত কিৰো মেচ; দোষমুক্ত দীপমণি শইকীয়া

সুদীৰ্ঘ 9 বছৰৰ অন্তত ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ড গোচৰৰ ৰায়দান ৷ চাঞ্চল্যকৰ সৰিতা তাস্নিৱালৰ হত্যাকাণ্ড সন্দৰ্ভত অভিযুক্ত কিৰো মেচক দোষী সাব্যস্ত আদালতৰ (AMCH doctor Sarita Toshniwal murder case) ৷

By

Published : May 17, 2023, 1:17 PM IST

Updated : May 17, 2023, 2:14 PM IST

Sarita Toshniwal murder case verdict
সৰিতা তছনিৱাল হত্যাকাণ্ড গোচৰৰ ৰায়দান

সৰিতা হত্যাকাণ্ডত দোষী সাব্যস্ত কিৰো মেচ

ডিব্ৰুগড়, 17 মে’ : আজি ঘোষণা কৰা হ’ল ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ড গোচৰৰ চূড়ান্ত ৰায় ৷ সুদীৰ্ঘ 9 বছৰৰ অন্তত ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ড গোচৰৰ ৰায়দান প্ৰদান কৰে ডিব্ৰুগড় সত্ৰ ন্যায়াধীশ আদালতে । চাঞ্চল্যকৰ সৰিতা তছনিৱাল হত্যাকাণ্ড সন্দৰ্ভত অভিযুক্ত কিৰো মেচক দোষী সাব্যস্ত কৰে ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশৰ আদালতে (Dr Sarita Toshniwal murder case) ।

আনহাতে অভিযুক্ত চিকিৎসক দীপমনি শইকীয়াক দোষমুক্ত ঘোষণা কৰা হয় । 2014 চনৰ 9 মে'ত সংঘটিত হোৱা হত্যাকাণ্ডৰ আজি চূড়ান্ত ৰায়দানৰ দিন ঘোষণা কৰিছিল সত্ৰ ন্যায়াধীশ আদালতে । ইয়াৰ পূৰ্বে দেশ কঁপোৱা ডাঃ সৰিতা তছনিৱাল হত্যাকাণ্ড গোচৰৰ চূড়ান্ত ৰায়দানৰ দিন নিৰ্ধাৰণ কৰা হৈছিল 12 মে’ৰ দিনা ৷ মূল অভিযুক্ত কিৰো মেচ অসুস্থ বুলি তেওঁৰ অধিবক্তাই জনোৱাৰ পিচত এই ৰায়দান স্থগিত ৰখা হয় আৰু পৰৱৰ্তী শুনানিৰ দিন ঘোষণা কৰে 17 মে’ (Sarita Toshniwal murder case verdict postponed) ।

দোষী সাব্যস্ত হ’লেও ৱাৰ্ড বয় কিৰো মেচৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ড হ'বনে ফাঁচী হ'ব সেয়া 18 মে’ৰ দিনাহে আদালতে ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে । ইফালে এই ৰায়দানক লৈ সন্তুষ্ট নহয় ডাঃ সৰিতা তছনিৱাল পৰিয়াল ৷ যাৰ বাবে এতিয়া দ্বাৰস্থ হ’ব উচ্চ ন্যায়ালয়ৰ ৷

সৰিতা তছনিৱাল হত্যাকাণ্ড গোচৰৰ ৰায়দান

উল্লেখযোগ্য যে কনিষ্ঠ চিকিৎসক ডাঃ সৰিতা তছনিৱালৰ মৃতদেহ 2014 চনৰ 10 মে'ত স্ত্ৰী ৰোগ আৰু প্ৰসূতি চিকিৎসা বিভাগৰ আই চি ইউত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল । 2014 চনৰ 9 মে'ৰ নিশা অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসূতি ৰোগ বিভাগৰ ICUত কৰ্তব্যৰত অৱস্থাত ডাঃ সৰিতা তছনিৱালক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পিচতে চিকিৎসক ডাঃ দীপমণি শইকীয়া আৰু ৱাৰ্ড বয় কিৰো মেচক আটক কৰি তদন্ত চলাইছিল ডিব্ৰুগড়ৰ আৰক্ষীয়ে ।

কিন্তু সুদীৰ্ঘ 9 বছৰৰ অন্তত এই ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা চিকিৎসক ডাঃ দীপমণি শইকীয়াক বুধবাৰে দোষমুক্ত বুলি ঘোষণা কৰিছে ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশৰ আদালতে (Dibrugarh District and Session Judge Court) ।

লগতে পঢ়ক :Sarita Toshniwal Murder Case : ১৭ মে’ত হ’ব ডাঃ সৰিতা তছনিৱাল হত্যাৰ গোচৰৰ চূড়ান্ত ৰায়দান

Last Updated : May 17, 2023, 2:14 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details